শিৱসাগৰ আৰক্ষীৰ জালত ৭ জনকৈ ডকাইত…

শিৱসাগৰ আৰক্ষীৰ জালত ৭ জনকৈ ডকাইত…

author-image
asomiyapratidin
New Update
শিৱসাগৰ আৰক্ষীৰ জালত ৭ জনকৈ ডকাইত…

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ আৰক্ষীৰ জালত পৰিল সাত জনীয়া দুধৰ্ষ ডকাইটৰ দল ৷ যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰ চহৰৰ এগৰাকী ব্যৱসায়ীৰ বাসগৃহত এই ডকাইতৰ দলটোৱে সংঘটিত কৰিছিল ডকাইটিৰ ঘটনা ৷

Advertisment

ডকাইতৰ দলটোৱে লক্ষাধিক টকা লুট কৰি নিছিল ৷ ইমানেই নহয় ডকাইতৰ দলটোৰ মাষ্টৰ মাইন্ড বাবা লাহনে ২০১৯ চনত শিৱসাগৰৰ লাকুৱাত সহকাৰী উপ পৰিদৰ্শক অৰুণ চেতিয়াক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল ৷ অনেক হত্যাকাণ্ডৰ লগতে গৰু চোৰৰ সৈতেও জড়িত এই ডকাইতৰ দলটো ৷

আৰক্ষীৰ জালত পৰা ডকাইতৰ দলটো ক্ৰমে বাবা লাহন (মৰাণ) , চামচুল আলী( জাপিসজীয়া ,ডিমৌ ) ,ইক্ৰাম আলী ওৰফে বদং ( জাপিসজীয়া ) ,জালালুদ্দিন আহমেদ ( জাপিসজীয়া) , আফটাৰ হুছেইন ( জাপিসজীয়া ), নেবুল হুছেইন ওৰফে ফেটী ৰ লগতে ডিব্ৰুগড়ৰ আৰিফ খান । ধৃত ডকাইতৰ গেং টোৱে ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰত সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড।

পংকজ গোৱেল নামৰ এজন ব্যৱসায়ীৰ ঘৰত এই গেংটোৱে ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৷ সেই নিশা পংকজ গোৱেলৰ ঘৰৰ CC tv ত দেখা গৈছিল মুখত ঢাকি ব্যৱসায়ী গৰাকীৰ ঘৰৰ সন্মুখত ডকাইটৰ দলটি৷ ডিমৌৰ এখন চাহবাগানত লুকাই থকা অৱস্থাত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটা দলে পুৱতি নিশা ২ বজাত কৰায়ত্ব কৰে দলটোক।

উল্লেখ্য যে ইক্ৰাম আলী ওৰফে বদঙৰ নেতৃত্বতে উজনি অসমত দীৰ্ঘদিনে চলি আহিছে অবৈধ গৰুৰ সৰবৰাহ । ডিমৌ আৰক্ষীয়ে কিছুদিন পূৰ্বে এই কুখ্যাত বদঙক কৰায়ত্ব কৰিছিল যদিও ডিমৌ থানাৰ অ'চিৰ কোঠাৰ পৰাই ৰহস্যজনক ভাবে পলায়ণ কৰিবলৈ সক্ষম হৈছিল এই কুখ্যাত বদং ৷

আনহাতে আৰক্ষীৰ জালত পৰা বাবা লাহনে ২০১৯ চনৰ ২১ মাৰ্চত লাকুৱা থানাত ASI অৰুণ চেতিয়াক হত্যা কৰি পলায়ণ কৰিছিল । আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱা কুখ্যাত গাড়ী চোৰ বুবু কোঁৱৰৰ সহযোগী বাবা লাহনক অৱশেষত জালত পেলাবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষী।

assam Assam police sivsagar