নগাঁৱত মুকলি হ’ল অত্যাধুনিক ডি বি এম হাস্পতাল এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউট...

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত নগাঁওবাসীয়ে অত্যাধুনিক সেৱা লাভ কৰিব : ডাঃবিৰিঞ্চি কুমাৰ বৰা

author-image
Asomiya Pratidin
New Update
নগাঁৱত মুকলি হ’ল অত্যাধুনিক ডি বি এম হাস্পতাল এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউট...

ডিজিটেল সংবাদ ,বেবেজীয়া : মধ্য অসমৰ চিকিৎসা সেৱা ক্ষেত্ৰত নৱতম সংযোজন হ’ল এখন অত্যাধুনিক সা-সুবিধাযুক্ত ডি বি এম হাস্পতাল এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউট ৷ আজি পুৱা নগাঁৱৰ বৰবজাৰত ডি বি এম নামেৰে হাস্পতাল খনিৰ মাংগলিক কাৰ্যৰে শুভাৰম্ভ কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ বিৰিঞ্চি কুমাৰ বৰাই ৷ নৱনিৰ্মিত হাস্পতালখনৰ অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্তই ।

আই চি ইউ কক্ষ মুকলি কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে ৷ এক্সৰে,আল্ট্ৰাচাউণ্ড,লেবৰটৰি মুকলি কৰে ডাঃ অপূৰ্ব কুমাৰ শৰ্মাই ৷ এণ্ডস্কপি কক্ষ মুকলি কৰে বিশিষ্ট চিকিৎসক ডাঃ মুকুট গোস্বামীয়ে ৷ ডায়েলাইছিচ কক্ষ মুকলি কৰে অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নিবন্ধকাৰ ডাঃ কৃষ্ণ কুমাৰ বৰাই ৷ ডি বি এম হাস্পতালত এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউটৰ স্বতাধিকাৰী তথা বিশিষ্ট সমাজ সেৱক, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্ল্লভ চমুৱাই আতঁধৰা অনুষ্ঠানটিত বিশিষ্টা সমাজকৰ্মী দিপীকা চমুৱা,ডাঃ বিশাখা চমুৱা,ডাঃ ৰঞ্জিত শইকীয়া,অভিযন্তা বিক্ৰমজিৎ চহৰীয়া, ডাঃ নয়নজ্যোতি শইকীয়া,মল্লিকা চমুৱা,সমাজসেৱক ভূৱন হাজৰিকা,মঃ চাহাবুদ্দিনকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ যে,ডি বি এম হাস্পতাল এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউট খনত আই চি ইউ কক্ষত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক সা-সুবিধাযুক্ত যন্ত্ৰাশয় ৷ যাৰ দ্বাৰা নগাঁও বাসী ৰাইজ ৰাজ্যৰ বাহিৰলৈ নোযোৱালৈকেয়ে সকলো প্ৰকাৰৰ ৰোগৰ পৰীক্ষা আদি কৰিবলৈ সুবিধা লাভ কৰিব ৷

assam NOGAON