/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bishnuram-medhi.jpg)
ডিজিটেল সংবাদ,নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক সঠিক ৰূপত সমাজত প্ৰান্তবন্ত কৰি ৰখাৰ অৰ্থে নিস্বাৰ্থ ভাবে কাম কৰি অহা লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিৰ শুক্ৰবাৰে পুৱা মৃত্যুক সাৱতি লয় ৷ নগাঁও চহৰৰ আইনমহাবিদ্যালয়ৰ ওচৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে মেধিয়ে ৷ আকস্মিক ভাবে নিজা বাসভৱনত মৃত্যুক সাৱতি লোৱা বাতৰি প্ৰচাৰ হোৱাত নগাঁও চহৰত শোঁকৰ ছাঁ পৰিছে ৷
নগাঁও জিলাৰ মেধি চুকত জন্মগ্ৰহন কৰা বিষ্ণুৰাম মেধিয়ে বিগত চাৰিদশক ধৰি লোক কলা কৃষ্টিৰ প্ৰণালীবদ্ধ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে নিজকে আত্মনিয়োগ কৰিছিল ৷ জলসম্পদ বিভাগৰ পৰা অৱসৰ গ্ৰহন কৰা প্ৰয়াত বিষ্ণুৰাম মেধিয়ে অসম শিল্প কাননৰ সৈতে জড়িত হৈ অসমীয়া সংস্কৃতি উত্তৰণৰ বাবে কাম কৰি আহিছিল ৷
উল্লেখ্য যে, গান্ধাৰ নামৰ অনুষ্ঠানটিৰ লগত সুদীৰ্ঘ বছৰ জড়িত হৈ থকা প্ৰয়াত মেধি অসমীয়া ভাওঁনাৰ সুদক্ষ সুত্ৰধাৰ আছিল ৷ বিষ্ণুৰাম মেধিয়ে মৃত্যুৰ সময়ত পত্নী , পুত্ৰৰ লগতে আত্মীয় স্বজনক এৰি থৈ গৈছে।
আৰু পঢ়কঃ খালী নেকি হাত ! মুখত হে বৰ মাত…