/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/65cd27bd-9a44-45c3-81d7-47e9a2cb858c/naba_doley.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : লোক-সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ ঢকুৱাখনাৰ সাংস্কৃতিক ইতিহাসত সোমবাৰে এক নৱতম সংযোজন ঘটিল। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ প্ৰায় এক কোটি টকা আবন্টনেৰে নিৰ্মিত ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ সোমবাৰে শুভ উদ্বোধন কৰা হয়। ঢকুৱাখনা নগৰৰ ব্লক চাৰি আলিৰ সমীপত নিৰ্মিত এই সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে।
জিলা সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰী, ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, পৌৰপতি ৰাজীৱ দাস, পৌৰ আয়ুক্ত সকল, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , মণ্ডল সভাপতি সুনীল দলে, বসন্ত শইকীয়া, সহকাৰী আয়ুক্ত মানস জ্যোতি দাস, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা, খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দাস আৰু গৰিষ্ঠ সংখ্যক সাংস্কৃতিক কৰ্মী, বিশিষ্ট নাগৰিকৰ উপস্থিতিত নৱ নিৰ্মিত কেন্দ্ৰটোৰ মুখ্য দ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে দলেয়ে।
ইয়াৰ পাছতে ঢকুৱাখনা সংগীত মহাবিদ্যালয়ৰ এটা শ্ৰুতি মধুৰ সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় অনুষ্টুপিয়া উদ্বোধনী সভা। জিলা সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰীয়ে আঁত ধৰা সভাত নৱ দলেয়ে উদ্বোধনী ভাষণ প্ৰদান কৰি আজিৰ দিনটো মহকুমাটোৰ বাবে আনন্দৰ দিন বুলি মন্তব্য কৰি লোক সংস্কৃতিৰ উৰ্বৰ ভূমি ঢকুৱাখনাত স্থাপিত এই কেন্দ্ৰটোৰ জৰিয়তে মহকুমাটোৰ গঞা, চহা, সাংস্কৃতিক ভাৱে অগ্ৰসৰ ৰাইজৰ বাবে এই কেন্দ্ৰটো স্বকীয় সংস্কৃতিৰ চৰ্চাৰ মুখ্য থলী হিচাবে ব্যৱহৃত হব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰটোৰ বিপৰীতে এজনো সাংস্কৃতিক বিষয়া, কৰ্মচাৰী নিযুক্তি নোহোৱাকৈ বিষয়া কৰ্মচাৰীবিহীন ভাৱে উদ্বোধন কৰা এই কেন্দ্ৰটো পৰিচালনা কৰিবৰ বাবে সমীপৰ বিভাগীয় কৰ্মচাৰীক অস্থায়ী ভাৱে নিযুক্তি দিয়াৰ বাবে মহকুমা প্ৰশাসন আৰু জিলা সাংস্কৃতিক বিষয়াক আহ্বান জনায় দলেয়ে ।
সভাত সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি নৱ নিৰ্মিত কেন্দ্ৰটোত ফাট বিহুৰে বিশ্ব মহীয়ান ঢকুৱাখনাৰ বৰ্ণময় লোক সাংস্কৃতিৰ বৈভৱ আৰু সকলো সাংস্কৃতিক তথ্য উপলব্ধ কৰিবলৈ জিলা সাংস্কৃতিক বিষয়াক আহ্বান জনায় । সাংসদ বৰুৱাই সুন্দৰ আন্তঃগাথঁনি বিশিষ্ট কেন্দ্ৰটো থলুৱা লোক কৃষ্টি সংস্কৃতিৰ চৰ্চাৰ থলী হব লাগে বুলি কৈ লোক উৎসৱ ফাট বিহুৰ শতিকা স্বৰ্ণিল ইতিহাস কেন্দ্ৰটোত সংৰক্ষণ হব লাগে বুলি পৰামৰ্শ আগবঢ়াই । এই ক্ষেত্ৰত বৰুৱাই ঢকুৱাখনাবাসী ৰাইজৰ সহযোগিতাৰে এই কেন্দ্ৰতো পুৰ্ণাংগ ৰূপ দিয়াৰ বাবে সাংস্কৃতিক বিষয়াক আহ্বান জনাই।