Advertisment

সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী পেঞ্চনাৰৰ তালিকা

শিল্পী দিৱসৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক শিল্পী পেঞ্চনৰ তালিকা। সেই অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাবে মুঠ ৭৩ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন।

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী পেঞ্চনাৰৰ তালিকা

ডিজিটেল ডেস্কঃ শিল্পী দিৱসৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক শিল্পী পেঞ্চনৰ তালিকা। সেই অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাবে মুঠ ৭৩ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন।

Advertisment

আনহাতে ২৯ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ আগবঢ়োৱা হৈছে ফেমেলি পেঞ্চন। এইসকল শিল্পী আৰু প্ৰয়াত শিল্পীৰ পৰিয়ালে বাৰ্ষিক ৮ হাজাৰকৈ টকা পেঞ্চন হিচাপে লাভ কৰিব। ১৭ জানুৱাৰী, ২০২৫ ৰ পৰা তেওঁলোকৰ পেঞ্চন ব্যৱস্থা কাৰ্যকৰী হ'ব। 

ৰাজ্যৰ ভিন্ন জিলাৰ১৭৯ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান। তাৰোপৰি অতিৰিক্ত ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পীকো প্ৰদান কৰা হৈছে বাৰ্ষিক শিল্পী সন্মান। ১০ গৰাকী শিল্পীৰ পৰিয়াললৈয়ো আগবঢ়োৱা হৈছে এককালীন সাহায্য। এই ১৭৯ গৰাকী শিল্পী, ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পী আৰু ১০ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালে লাভ কৰিব ৫০ হাজাৰ টকা। 

আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সচিব অনুৰাগ ফুকনে স্বাক্ষৰ কৰা এক জাননীৰ জৰিয়তে এই শিল্পী সন্মানৰ তালিকা প্ৰকাশ কৰা হৈছে। 

 

শিল্পী পেঞ্চন লাভ কৰা ৭৩ গৰাকী শিল্পী, আৰু প্ৰয়াত শিল্পীৰ তালিকা

SILPI PENSION 2025 NOTIFICATION A_page-000২

শিল্পী পেঞ্চন লালভ কৰা ৭৩ গৰাকী শিল্পীৰ তালিকাশিল্পী পেঞ্চন লালভ কৰা ৭৩ গৰাকী শিল্পীৰ তালিকাবাৰ্ষিক শিল্পী সন্মান লাভ কৰা ১৭৯ গৰাকী শিল্পী, ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পী আৰু প্ৰয়াত শিল্পীৰ তালিকা

SILPI PENSION 1

SILPI PENSION 2SILPI PENSION 3SILPI PENSION 4SILPI PENSION 5SILPI PENSION 6SILPI PENSION 7SILPI PENSION 8

সাংস্কৃতিক মন্ত্ৰণালয় শিল্পী দিৱস