থানাত অগ্নিসংযোগ ঘটনাৰে জড়িত অন্যতম অভিযুক্তক চাৰিমাহৰ মূৰত গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
থানাত অগ্নিসংযোগ ঘটনাৰে জড়িত অন্যতম অভিযুক্তক চাৰিমাহৰ মূৰত গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বটদ্ৰবা আৰক্ষী থানাত অগ্নিসংযোগ কৰা ঘটনাৰে জৰিত এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ চাৰি মাহে পলাতক অৱস্হাত থকা আৰক্ষী থানা আক্ৰমনৰে জৰিত অন্যতম অভিযুক্ত জনৰ নাম হৈছে ছফিকুল ইছলাম ৷

Advertisment

নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত ছফিকুল ইছলামক মৈৰাবাৰীৰ এটা ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্হাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে পলাতক ছফিকুলে নিদিষ্ট ইটাভাটাটো কাম কৰি থকা বুলি খবৰ লাভ কৰি মঙ্গলবাৰে নিশা অভিযান চলাইছিল ৷

গ্ৰেপ্তাৰ হোৱা ছফিকুলৰ ঘৰ বটদ্ৰবা হাইডুবি ৰিজাৰ্ভত ৷ বৰ্তমান ছফিকুল ইছলামক নগাঁও সদৰ থানাত মাৰথান জেৰা চলাই থকা হৈছে ৷

assam Assam police NOGAON