CUET অনুষ্ঠিত কৰাৰ নামত শিক্ষাৰ্থীক মানসিক নিৰ্যাতন

স্নাতক পৰ্যায়ত নাম ভৰ্তিৰ বাবে শিক্ষা বিভাগে পোন প্ৰথম বাৰৰ বাবে CUET আৰম্ভ কৰি শিক্ষাৰ্থীক যেন প্ৰদান কৰিছে মানসিক নিৰ্যাতন।

author-image
Asomiya Pratidin
New Update
CUET অনুষ্ঠিত কৰাৰ নামত শিক্ষাৰ্থীক মানসিক নিৰ্যাতন

ডিজিটেল সংবাদ, মঙলদৈঃ স্নাতক পৰ্যায়ত নাম ভৰ্তিৰ বাবে শিক্ষা বিভাগে পোন প্ৰথম বাৰৰ বাবে CUET আৰম্ভ কৰি শিক্ষাৰ্থীক যেন প্ৰদান কৰিছে মানসিক নিৰ্যাতন। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা নাই যদিও শিক্ষা বিভাগে Common University entrance Test চমুকৈ CUET অনুষ্ঠিত কৰি শিক্ষাৰ্থীক দিছে যমৰ যাতনা।

Advertisment

নেছনেল টেষ্টিং এজেঞ্চিয়ে আয়োজন কৰা উক্ত পৰীক্ষা কেন্দ্ৰ সমূহ বিবেচিত কৰা হৈছে অসমৰ বাহিৰে ত্ৰিপুৰা, মেঘালয়, অৰুনাচল আদি স্থান ।এনে সিন্ধান্তৰ পিছত স্বাভাৱিকতে হতাশাত ভূগিছে শিক্ষাৰ্থী সকল।

বজালীৰ ভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষাৰ্থীৰ বাবে বজালী মহাবিদ্যালয় বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ে আছিল আশাৰ কেন্দ্ৰ স্থল । কিন্তু এতিয়া স্নাতক পৰ্যায়ত ফলাফল ঘোষণা নকৰোতেই এনেদৰে দূৰলৈ নাম ভৰ্তিৰ বাবে যাব লগীয়া হোৱাত অৰ্থৰ অভাৱত পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী সকল।

ছাত্ৰৰ লগতে ছাত্ৰী সকলোৰো একেই দুৰ্গতি ইতিমধ্যে এনে পৰীক্ষাৰ বাবে শিক্ষা বিভাগে ৯০০টকা কৈ প্ৰ-পত্ৰ পূৰণৰ বাবে লৈছে মাছুল।

শিক্ষা বিভাগৰ এনে হঠকাৰী সিন্ধান্তৰ বাবে এতিয়া বজালীত জাঙুৰ খাই উঠিছে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা । কেন্দ্ৰীয় নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগে উত্তৰ পূৰ্বাঞ্চলত এনে পৰীক্ষা পতাৰ ক্ষেত্ৰত ৰেহাই দিছিল যদিও ভট্টদেৱ বিশ্ববিদ্যালয়ে কিন্তু এনে নীতি গ্ৰহণ কৰি শিক্ষাৰ্থীক যমৰ যাতনা দিছে।

স্বাভাৱিকতে আজিৰ দিনটোত বজালীৰ বহু শিক্ষাৰ্থীৰ মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচলত পৰীক্ষা আছিল যদিও আজি কিন্তু সমুখলৈ অহা বহু সমস্যাৰ বাবে পৰীক্ষাৰ্থী সকল পৰীক্ষা দিয়াৰ পৰা বিৰত থাকে। এতিয়া এই শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ উচচ শিক্ষা ক'ত হ'ব সেয়া ও হৈ পৰিছে চিন্তাৰ বিষয় ।

Also Read: মায়ঙৰ পাভকাতিত ভেজাল পেট্ৰ'ল জব্দ

CUET