মায়ঙৰ পাভকাতিত ভেজাল পেট্ৰ'ল জব্দ

: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেজাল পেট্ৰ'লৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ তথ্য পোহৰ লৈ আহিছে।

author-image
Asomiya Pratidin
New Update
মায়ঙৰ পাভকাতিত ভেজাল পেট্ৰ'ল জব্দ

ডিজিটেল ডেস্ক মায়ং: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেজাল পেট্ৰ'লৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ তথ্য পোহৰ লৈ আহিছে।ভেজাল পেট্ৰ'লৰ চোৰাং ব্যৱসায় কৰি এচাম ঠগ প্ৰবঞ্চকে লাখ লাখ টকা লুটি আহিছে।শেহতীয়াকৈ মৰিগাঁও জিলাৰ মায়ঙৰ আৰক্ষীৰ অভিযানত ধৰা পৰিছে তেনে ভেজাল পেট্ৰ'লৰ ৮ টাকৈ ড্ৰাম।অৱশ্যে ভেজাল পেট্ৰ'লৰ চোৰাং ব্যৱসায় কৰা চক্ৰ টোক এই পৰ্যন্ত কৰায়ত্ব কৰিব পৰা নাই মৰিগাঁও জিলাৰ আৰক্ষী।

Advertisment

যোৱা ২৪ মে'ৰ দিনা মায়ঙৰ পাভকাতিত ৮ ড্ৰাম কেৰাচিন মিহলোৱা চোৰাং ভেজাল পেট্ৰ'ল জব্দ কৰাৰ পিছতেই কামৰূপ আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত চলি থকা অবৈধ ভেজাল পেট্ৰ'লৰ ৰমৰমীয়া ব্যৱসায়ৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে।এক গোপন সূত্ৰৰ পম খেদি মায়ঙৰ আৰক্ষীৰ এটা দলে পাভকাতি বজাৰৰ কাষতে এটা পৰিয়ালত দীৰ্ঘদিন ধৰি চলাই থকা ভেজাল পেট্ৰ'লৰ ঘাটি এটা উদ্ঘাটন কৰিবলৈ সক্ষম হ'ল যদিও অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

অবৈধ তেলৰ ব্যৱসায়ী গিয়াচুদ্দিনৰ ঘৰৰ পৰা জব্দ কৰে ১১৭০ লিটাৰ পেট্ৰ'ল।গিয়াচুদ্দিনৰ পুত্ৰ ছহিদুল ইছলামে ভেজাল পেট্ৰ'লৰ ব্যৱসায় কৰে বুলি তথ্য পোৱা গৈছে।আৰক্ষীৰ ভয়ত দুই পিতা পুত্ৰ পলাই আছে যদিও গ্ৰেপ্তাৰৰ পিছতেই গুৱাহাটীৰ পৰা চলাই থকা ভেজাল পেট্ৰ'ল ব্যৱসায়ৰ লগত জড়িত অশুভ চক্ৰটোক উৎখাত কৰিব পৰা যাব বুলি জনাই আৰক্ষীয়ে।

প্ৰাপ্ত খৱৰ মতে নুনমাটি আৰু চন্দ্ৰপুৰ পানীখাইটিত আছে ভেজাল পেট্ৰ'ল প্ৰস্তুত কৰা ঘাটি। মায়ঙৰ আন কেইবাজনেও অতি গোপনে নিজৰ ঘৰতেই কেৰাচিন তেলৰ স'তে এবিধ দ্ৰব্য মচলাই পেট্ৰ'ল প্ৰস্তুত কৰে।তাৰ পৰাই গ্ৰামাঞ্চলৰ বাইক আৰোহী আৰু চাৰিচকীয়া বাহন চলোৱা গৰাকীক বিক্ৰী কৰি আহিছে।এই দৰেই চলি আছে ভেজাল পেট্ৰ'লৰ মুকলি বেহা। আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Also Read: জলবিস্ফোৰণঃ গৃহহীন হৈ পৰা একাংশই আশ্ৰয় লৈছে প্ৰাথমিক বিদ্যালয়ত

Assam police