শণিবাৰে চি. আৰ. ইউ.ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

প্ৰতিষ্ঠা দিৱস উপলক্ষে চেন্টাৰ অৱ মেডিকেল এণ্ড চেলচ্ ৰিপ্ৰেজেন্টেটিভচ ইউনিয়ন ( চি.আৰ.ইউ.) নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত পুৱা ১০ বজাত পতাকা উত্তোলন
শণিবাৰে চি. আৰ. ইউ.ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল ডেস্ক: শণিবাৰে চি. আৰ. ইউ.ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে চেন্টাৰ অৱ মেডিকেল এণ্ড চেলচ্ ৰিপ্ৰেজেন্টেটিভচ ইউনিয়ন ( চি.আৰ.ইউ.) নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত পুৱা ১০ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভণি কৰে। পতাকা উত্তোলন কৰে চি. আৰ. ইউ. নলবাৰী জিলাৰ সভাপতি অমিয় কুমাৰ চক্ৰৱৰ্ত্তীয়ে লগত সহযোগ কৰে সহকাৰী সম্পাদক শান্তনু বৈশ্যই ।

পতাকা উত্তোলনৰ পিছত চি.আৰ.ইউ. নলবাৰী জিলা কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত ভাষন প্ৰদান কৰে চি.আৰ.ইউ.ৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্পাদকীয় সদস্য তথা নলবাৰী জিলাৰ সম্পাদক ৰাতুল বৰ্মনে। ভাষন প্ৰসংগত ৰাতুল বৰ্মনে কয় যে- ১৯৫৩ চনত উত্তৰ পূৰ্বাঞ্চলৰ মেডিকেল আৰু ছেলচ্ ৰিপ্ৰেজেনটেটিভচ সকলে সংগঠিত হৈ নিজৰ এটা সংগঠন জন্ম দিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰে আৰু ১৯৫৪ চনত কমাৰ্চিয়েল ট্ৰেভেলাৰ্চ এচোছিয়েশ্যন (চি টি এ) নামৰ সংগঠনৰ জন্ম হয়। আৰু এই সংগঠনটো ছ'ছাইটি এক্ট অনুযায়ী পঞ্জীয়ন ভুক্ত হয়।

পৰিস্থিতিগত কাৰণত কমাৰ্চিয়েল ট্ৰেভেলাৰ্চ এচোছিয়েশ্যনৰ নাম সলনি কৰি 'কমাৰ্চিয়েল ৰিপ্ৰেজেনটেটিভচ্ ইউনিয়ন (উত্তৰ পূৱ পৰিষদ) কৰা হয় ১ এপ্ৰিল ১৯৭৩ তাৰিখে। এই সংগঠনটো ভাৰতীয় ট্ৰেড ইউনিয়ন আইন ১৯২৬ ৰ অধীনত পঞ্জীয়ন ভুক্ত হয়। সভাপতি হাৰাধন বসু, সম্পাদক দুৰ্গা প্ৰসাদ দুৱেৰ নেতৃত্বৰ প্ৰস্তুতি সমিতিৰ তত্বাৱধানত সংগঠনৰ প্ৰথমখন বাৰ্ষিক সাধাৰণ পৰিষদৰ সভা ১৯৭৪ চনৰ ৩১ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হয়। য'ত দিলীপ বসু সভাপতি আৰু দি পি দুৱে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭৩ চনৰ ১ এপ্ৰিল তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়।

পাছলৈ সংগঠনৰ নাম কিছু সালসলনিৰে চেন্টাৰ অৱ মেডিকেল এণ্ড চেলছ্ ৰিপ্ৰেজেনটেটিভচ্ ইউনিয়ন (উত্তৰ পূৰ্বাঞ্চল) কৰা হয় আৰু ই চি আৰ ইউ হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে। জন্মলগ্নৰে পৰা ইয়াৰ কাম কাজৰ মাধ্যমেৰে চি. আৰ. ইউ. উত্তৰ পূৰ্বাঞ্চলৰ এটা অন্যতম শক্তিশালী শ্ৰমিক সংগঠন হিচাপে নিজকে গঢ়ি তুলে।

কেৱল সদস্য সকলৰ প্ৰাপ্য অধিকাৰ আদায়ৰ দাবীতে নহয়, সমাজৰ সকলো সমস্যা সম্পৰ্কে বিশেষকৈ ঔষধ আৰু স্বাস্থ্য পৰিসেৱাৰ বিভিন্ন সমস্যা সম্পৰ্কে চি আৰ ইউ এ সংগ্ৰাম অব্যাহত ৰাখিছে। ৰক্তদান শিবিৰ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ শিবিৰ, বানপানীত আক্ৰান্তৰ বাবে শিবিৰ ইত্যাদিকে ধৰি জনসাধাৰণৰ প্ৰায়বোৰ সংকটৰ সময়ত চি আৰ ইউ জনতাৰ কাষত ঠিয় দি ইয়াৰ সামাজিক দায়বদ্ধতাও পালন কৰিছে।

ঔষধ আৰু চিকিৎসা সা-সৰঞ্জামৰ মূল্য হ্ৰাস কৰা, ঔষধৰ বজাৰৰ স্বচ্ছতা ৰক্ষা কৰা, ঔষধৰ ওপৰত থকা সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ডৰ ঔষধ প্ৰতিষ্ঠানসমূহ আৰু ভেকচিন উদ্যোগ সমূহ পুনৰুজীৱিত কৰা, জীৱনদায়িনী ঔষধৰ পৰ্যাপ্ত যোগানৰ ব্যৱস্থা কৰা, আইন অমান্য কৰা কোম্পানীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা, মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশ স্বাস্থ্য খণ্ডত ব্যয় কৰা, শ্ৰম সংহিতা বাতিল কৰা, মূল্য বৃদ্ধি ৰোধ কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত চি. আৰ. ইউ. এ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

উল্লেখযোগ্য যে, এই বছৰতে চি. আৰ. ইউ.এ বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিছিল। গুৱাহাটীত শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু সোণালী জয়ন্তী আৰু চি আৰ ইউৰ পতাকা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ পাছত গুৱাহাটীতে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শণিবাৰৰে পৰা প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। চি.আৰ.ইউ. উত্তৰ পূৰ্বাঞ্চলৰ সকলো জিলাৰ সদস্যই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। বিগত দুটা বছৰৰ ভিতৰত ঔষধৰ মূল্য প্ৰায় ২৩ শতাংশ বৃদ্ধি পাইছে। চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি অতি শীঘ্ৰে এই মূল্য বৃদ্ধি প্ৰত্যাহাৰ কৰক, ঔষধৰ ওপৰত থকা সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰক, অত্যাৱশ্যকীয় ঔষধৰ পৰ্যাপ্ত যোগানৰ ব্যৱস্থা কৰিবলৈ সংস্থাটোৱে নলবাৰী জিলাত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে ।

শণিবাৰে চি. আৰ. ইউ.ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
ৰাজ্যিক পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰে আৰম্ভ অপেন কাৰাটে চেম্পিয়নশ্বিপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in