
ডিজিটেল সংবাদ, গোলাঘাটঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা পৰিষদে ছয় দফীয়া দাবী লৈ বুধবাৰে গোলাঘাট নগৰৰ সদৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰি চিপিআই দলৰ শতাধিক শতাধিক প্ৰতিবাদীয়ে নগৰৰ ভিআইপি পথত দুঘন্টীয়া অৱস্থান ধৰ্মঘট বহি বিজেপি চৰকাৰ হায় হায়,পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰক,ঔষধৰ মূল্য হ্ৰাস কৰক,জনবিৰোধী নীতি বন্ধ কৰক,কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰক,শ্ৰমিকৰ বকেয়া ধন প্ৰদান কৰক,নৰেন্দ্ৰ মোদী হায় হায়,পূঁজিপতিৰ দপদপনি বন্ধ কৰক আদি শ্লো'গানেৰে উত্তাল কৰি তোলে।
চিপিআইৰ গোলাঘাট জিলা পৰিষদৰ সম্পাদক হৰেন বৰা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পিকুমণি দত্ত, যুৱনেতা পৰমানন্দ দাসৰ নেতৃত্বত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী নীতিৰ সমালোচনা কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে দাবীসমূহ পূৰণৰ বাবে খাদ্য-সামগ্ৰী,ঔষধ, পেট্ৰ'ল-ডিজেল,ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় দ্ৰব্য-বস্তুৰ দাম হ্ৰাস কৰা,ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি চাউলৰ লগতে দাইল,আটা,মিঠাতেল, চেনি,নিমখ আদি খাদ্য-সামগ্ৰী সুলভ মূল্যত যোগান ধৰা, বিদ্যুত মাচুল হ্ৰাস কৰা, পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰা,ঋণৰ কবলত জৰ্জৰিত ৰাজ্যখনত উৎসৱ-অনুষ্ঠানৰ নামত ধনৰ অপচয় বন্ধ কৰা,কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰা,কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰা,শ্ৰমিকৰ সাহাৰ্যসমূহ নিয়মিত ভাৱে প্ৰদান কৰা লগতে শ্ৰমিকৰ পাবলগীয়া বকেয়া ধন শীঘ্ৰে আদায় দিয়াৰ দাবী জনায় এক স্মাৰকপত্ৰ জিলা আয়ূক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিক নেতা শৈলেন শইকীয়া,নিতুল বৰা,পদ্মেশ্বৰ বৰুৱা, লালন প্ৰসাদ ঠাকুৰ, কৃষক নেতা প্ৰহ্লাদ বৰা,বাঁওপন্থী যুৱ-ছাত্ৰনেতা হেমন্ত গগৈ,বিতোপন গগৈ, যদু বৰা আৰু অভিলাষ নেওগ উপস্থিত থাকি বক্তব্য ৰাখি চৰকাৰক তীব্ৰ সমালোচনা কৰে।