/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/s-1.jpg)
ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত সোমবাৰে পুৱা ডি আই গাড়ীৰে কঢ়িয়াই অনা চোৰাং গৰু সহ সাতজন লোকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ বিৱৰণ মতে এক গোপন সূত্ৰৰ পম খেদি বকো আৰক্ষীৰ দল এটাই বকো থানাৰ অন্তৰ্গত মুছলিম চাৰিআলি চ'কত অভিযান চলাই এএচ-০১ /এফ চি -৩৫৫৪ নম্বৰৰ আৰু এখন নম্বৰ প্লেটহীন ডি আই গাড়ীৰে কঢ়িয়াই অনা ২০ চোৰাং গৰু জব্দ কৰে ।
লগতে গৰুকেইটা চোৰাংকৈ অনা ঘটনাৰ লগত জড়িত ৭গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে । বকো আৰক্ষীয়ে গোপনীয়তাৰ স্বাৰ্থত এতিয়ালৈকে সবিশেষ প্ৰকাশ কৰা নাই। সম্প্ৰতি ঘটনাৰ লগত জড়িত লোক কেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।
আৰু পঢ়ক: সৰুক্ষেত্ৰী সমষ্টিত গৃহ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us