/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/cow.jpg)
ডিজিটেল সংবাদ দুমুনিচকী:- সোমবাৰে নিশা অবৈধভাৱে গৰু সৰবৰাহ কৰি থকাৰ সময়ত পথৰ ওপৰতে ২৫ টা গৰু সহ এখন ১২ চকীয়া ট্ৰাক হাতে লোতে ধৰা পৰে। নিশা উক্ত ঘটনাৰ পিছতে বহি ৰাজ্যলৈ গ্ৰাম্যাঞ্চলৰ পৰাও যে নিতৌ গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে সেয়া নিশ্চিত হৈ পৰিছে।
নিশাৰ ঘটনা সন্দৰ্ভত সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কামৰূপ জিলাৰ বেজেৰাৰ দিশৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০১ এইচ চি ৮২৮৮ নম্বৰৰ এখন দহ চকীয়া ট্ৰাকত ২৫ টা গৰু লৈ মেঘালয়লৈ বুলি যাত্ৰা আৰম্ভ কৰে। অবৈধ ভাৱে গৰু সৰবৰাহ কৰা ট্ৰকখনৰ চালকৰ পৰা উত্তৰ গুৱাহাটী আৰু গৰিপুৰ সংযোগী পথত বিষয় সন্দৰ্ভত জানিব বিচৰাত চালকে প্ৰকৃত সত্য ঢাকিবলৈ চেষ্টা কৰে।
চালকে গৰু কেইটা দৰঙৰ খাৰুপেটিয়াৰ পৰা লৈ অহা বুলি কয় যদিও প্ৰত্যক্ষদৰ্শী লোকে ট্ৰাকখন বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শিমেলিবাৰীৰ মেহবুব নামৰ ব্যৱসায়ী গৰাকীৰ চৌহদৰ পৰা গৰু কেইটা লৈ যোৱা বুলি জানিবলৈ দিয়ে।
ইফালে ট্ৰাক খনৰ বিষয়ে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষী অবগত হোৱাত ট্ৰাকখন ২৫ টা গৰু সহ জব্দ কৰি চালকক আটক কৰে। আৰক্ষীয়ে নিশাই গৰু কেইটা হাজোৰ সমীপত থকা গোশালালৈ লৈ যায়। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গৃহ সমষ্টি জালুকবাৰীৰ মান্দাকাটাত থকা গোশালা এখনৰ সন্মুখেৰে এনেদৰে নিতৌ অবৈধ ভাবে বহিৰাজ্যলৈ গৰু সৰবৰাহ হৈ থকা বিষয়টোক স্থানীয় লোকে আশ্চৰ্যকৰ বুলি মত পোষণ কৰে।
আৰু পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত বিক্ষোভ কাৰ্যসূচী