/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/as-2.png)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত পুনৰ সক্ৰিয় হৈ পৰিছে অবৈধ গৰু চোৰ চক্ৰ ৷ এইবাৰ ৰাইজে ধৰিলে গৰু চোৰ ৷ লগতে জব্দ কৰিলে চোৰাং গৰু সৰবৰাহ কৰা ট্ৰাক ৷ পিছত আৰক্ষীয়ে এখন ট্ৰাক , ২৬ টা গৰু আৰু ৩ জনক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷
ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ ঘাঁহিত ৷ ৰবিবাৰে বিয়লি ঘাঁহীৰ ৰাইজে গৰুৰ চোৰাং ব্যৱসায়ৰে জৰিত এজনক প্ৰথমে কৰায়ত্ব কৰি উত্তম মাধ্যম দিয়ে ৷ পিছত ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা চোৰাং ব্যৱসায়ৰে জড়িত জনক লৈ যায় ৷
আৰক্ষীৰ সুত্ৰ মতে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০১ কে চি ১৭২৮ ৷ তিনিচুকীয়াৰ পৰা ২৬ টাকৈ গৰু লৈ তিনিজনীয়া দলটো সোনাপুৰলৈ গৈ আছিল ৷ কৰায়ত্ব কৰা লোক কেইজনৰ নাম হৈছে মুকেশ পানিকা , মেহদি আলম , ট্ৰাক চালক হাইকুল ইছলাম ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us