/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/cow.png)
ডিজিটেল সংবাদ,কলিয়াবৰ : ৰাজ্যত অব্যাহত অবৈধভাৱে গৰু সৰবৰাহ। অবৈধ গৰু সৰবৰাহকাৰীয়ে ট্ৰাকৰে পাৰ কৰি আছে শ-শ গৰু । শনিবাৰে কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে পুনৰ এখন বাহনত ২৩টা গো-ধন জব্দ কৰাৰ লগতে আটক কৰে এটা গোধন সৰবৰাহকাৰী।
কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে এখন গৰু ভৰ্তি বাহন । আটকাধীন গৰু সৰবৰাহকাৰীটো চামগুৰিৰ বৰমাবিলৰ মুৰছিদ আলি (২৮) বুলি জানিব পৰা গৈছে।
২৩ টাকৈ গো-ধন কঢ়িয়াই উজনিৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত বাগৰি আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি বাহনখন। এ. এচ. ০১ এল. চি. ৩৪৪৬ নম্বৰৰ ১১০৯ বাহন খনত গৰু সৰবৰাহ কৰোতেই আৰক্ষীয়ে জব্দ কৰে।