/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2bd4feed-a8e5-429d-acda-b907aa5594c6/arer.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত গৰু চোৰাং ব্যৱসায়ীয়ে ব্যাপক হাৰত অবাধে চলাই আহিছে চোৰাং ব্যৱসায় ৷ আৰক্ষী যিমানে সক্ৰিয় হৈছে সিমানে গৰুৰ চোৰাং ব্যৱসায়ীয়ে কৌশল সলনি কৰি ব্যৱসায় চলাই আহিছে ৷
বুধবাৰে পুৱাতে ৰাইজে ঘাঁহীত গৰুৰ চোৰাং ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এখন জাইল’ জব্দ কৰি আৰক্ষীক গতাই দিয়াৰ পিছত সন্ধ্যা এখন ট্ৰেভেলাৰৰ সৈতে এজন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰে বৰঘাট আৰক্ষীয়ে ৷
এ এছ ০১ এফ চি ৬৩৬৭ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনত ১৭ টাকৈ গৰু লৈ যোৰাবাটলৈ লৈ গৈ থকাৰ সময়ত বৰঘাট পহৰা চকীৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে ৷ আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত গাড়ী চালক জনে পলায়ন কৰে ৷ আৰক্ষীয়ে আখটাৰ উদ্দিন নামৰ এজন লোকক কৰায়ত্ব কৰে ৷
জানিব পৰা মতে যাত্ৰীবাহী ট্ৰেভেলাৰ খনৰ আসন সমূহ আতৰাই চামগুৰিৰ গেৰুৱাআটিৰ পৰা গৰু সমূহ যোৰাবাটলৈ বুলি সৰবৰাহ কৰা হৈছিল ৷ কৰায়ত্ব কৰা আখটাৰ উদ্দিনক আৰক্ষীয়ে বৰঘাটত সোধপোচ চলাই আছে ৷