নগাঁৱৰ বৰঘাটত চোৰাং গৰু ভৰ্তি মিনি ট্ৰাক জব্দ

নগাঁৱত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বৰঘাটত চোৰাং গৰু ভৰ্তি মিনি ট্ৰাক জব্দ

ডিজিটেল সংবাদ, নগাওঁ: নগাঁৱৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে ৩৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৰঘাট বাইপাছত এখন গৰু ভৰ্তি মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা মতে ধেমাজি বগীবিলৰ পৰা এ এছ ০৫ এ চি ১৬০৫ নম্বৰৰ টাটা ডি আই গাড়ী খনে ৯ টা গৰু চোৰাং ভাবে সৰবৰাহৰ বাবে নগাঁৱৰ মাজেৰে মেঘালয়লৈ আনিছিল।

এই খবৰ লাভ কৰি বৰঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বৰঘাট বাইপাছত তালাচী চলাই গৰুসহ মিনি ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং গৰু সৰবৰাকাৰীয়ে গৰু খিনিক ট্ৰাক খনত কৌশলৰে ধানৰ বস্তাৰ মাজত লুকুৱাই আনিছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত দুজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হল নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লুংচুঙৰ অমিত নায়ক আৰু বৰমাৰ আছাদুল ইছলাম। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে। ধেমাজিৰ পৰা নগাৱলৈকে বহু কেইখন আৰক্ষী থানাৰ সন্মুখেৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন কেনেকৈ আহিবলৈ সক্ষম হল, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

nagaon assam Assam police