কাছাৰত ম্যানমাৰৰ পৰা অনা ৮ টা চোৰাং গৰু জব্দ

বাৰ্মিজ চুপাৰী আৰু চিগাৰেটৰ পিচত বৰাকত এইবাৰ বাৰ্মিজ গৰুৰ চোৰাং ব্যৱসায় ৷

author-image
Asomiya Pratidin
New Update
কাছাৰত ম্যানমাৰৰ পৰা অনা ৮ টা চোৰাং গৰু জব্দ

ডিজিটেল সংবাদ, শিলচৰ: বাৰ্মিজ চুপাৰী আৰু চিগাৰেটৰ পিচত বৰাকত এইবাৰ বাৰ্মিজ গৰুৰ চোৰাং ব্যৱসায় ৷ কাছাৰ জিলাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি সুদুৰ ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে বাংলাদেশলৈ গৰু সৰবৰাহ চোৰাং ব্যৱসায়ীৰ৷

Advertisment

মিজোৰাম সীমান্তত থকা লাইলাপুৰ আৰক্ষীৰ ভয়ত ভিতৰুৱা পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰা সময়ত ধলাই আৰক্ষীয়ে জব্দ কৰে প্ৰকাণ্ড আকাৰৰ ৮ টাকৈ চোৰাং বাৰ্মিজ বলধ গৰু৷ গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাৰ নেত়ত্বত আৰক্ষীৰ দল এটাই থেদি খেদি গৰু ভৰ্তি ট্ৰাকখন পুঠিখাল এলেকাত জব্দ কৰে ৷

AS-11CC-8707 নম্বৰৰ মিনি ট্ৰাকৰ পৰা জব্দ কৰা গৰু কেইটা ৷ মিজোৰামৰ ছাইফাইপৃৰ পৰা অনা হৈছিল ৷ গৰু কেইটা গোপনে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷ জব্দ কৰা গৰুৰ মুল্য প্ৰায় ২৫ লাখ টকা বুলি অনুমান কৰা হৈছে ৷ গৰুৰ সৈতে এজন সৰবৰাহকাৰীক আটক৷ ধৃত লোকজন ধলাই ৰাজঘাটৰ কমৰুল ইছলাম ৷ বৰ্তমান ধৃত লোক জনক জেৰা অব্যাহত ৰাখিছে ধলাই আৰক্ষীয়ে৷

assam cachar