/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/009a18e3-c14d-44e3-ad4f-6a9bef07c49b/coww.jpg)
ডিজিটেল সংবাদ, বোকাখাত: বোকাখাতত পুণৰ অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দ। শিৱসাগৰৰ পৰা চামগুৰিলৈ গৈ আছিল গৰু ভৰ্তি ট্ৰাকখন।
ট্ৰাকখনত ২৩ টাকৈ গৰু মুখ আৰু ঠেং বন্ধা অৱস্থাত জব্দ কৰিছে বোকাখাত আৰক্ষীয়ে। ট্ৰাকখনৰ নম্বৰ ASO1LC3076।
বাহনখনৰ চালক আৰু হেন্দিমেনক গ্ৰেপ্তাৰ বোকাখাত আৰক্ষীৰ। উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে ১৯ চেপ্তেম্বৰত বোকাখাত আৰক্ষীৰ জিম্মাত জব্দকৃত ৪৭ টা গৰুৰ মৃত্যুয়ে ৰাজ্যখনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।