/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/agrani-batory-7.jpg)
কোভিড ৰোগীৰ পলায়নৰ চেষ্টা: বোন্দাপৰ ১০৮ সেৱাৰ কৰ্মীৰ
ডিজিটেল সংবাদ মাজুলীঃ মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত নামনি গেজেৰাৰ এনাইচুকত শুক্ৰবাৰে তিনিগৰাকীকৈ কোভিড ৰোগী পলোৱাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পলাবলৈ চেষ্টা কৰা পৰিয়ালটো হ'ল শিক্ষক অজিত মিলিসহ পুত্ৰ গকুল মিলি আৰু কন্যা মঞ্জু মিলি ৷
ক্লিক কৰি পঢ়কঃ নগাঁৱত ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্তক
জানিব পৰা মতে অজিত মিলিৰ পত্নী পুস্পলতা মিলিৰ কোভিড পজিটিভ ধৰা পৰাৰ পিছত পৰিয়ালটোক কোভিডৰ নীতি নিয়ম অনুসৰি থাকিবলৈ দিছিল যদিও পুস্পলতা মিলিসহ পৰিয়ালটোৱে কোভিডৰ নীতি নিয়ম নামানি ঘুৰি ফুৰাত স্থানীয় গাঁওবুঢ়াই তৎপৰতাৰে ঘৰখন কন্টেইনমেন জ'ন ঘোষণা কৰিছিল ৷ ইয়াৰ পাছতে পৰিয়ালটোৰ সকলো সদস্যকে কোভিড পৰীক্ষা কৰাত পুস্পলতা মিলিৰ সন্তানসহ শিক্ষক জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে ৷
কোভিড ৰোগী কেইজনক শুক্ৰবাৰে বিয়লি ৩ বজাত জেংৰাইমুখ চিকিৎসালয়ৰ কোভিড কেয়াৰ কেন্দ্ৰলৈ নিবলৈ ১০৮ সেৱাৰ গাড়ি আহিছিল যদিও কোভিড পজিটিভ হিচাপে চিনাক্ত হোৱা ৰোগী কেইজন পলায়ন কৰে ৷ তিনিও কোভিড ৰোগীক বিছাৰি আৰক্ষীয়ে অভিযান চলাব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ৷ এক কথাত এইজন অবিবেচক শিক্ষকে কালিৰ দিনটোত আৰক্ষী , স্বাস্থ্য বিভাগৰ লোক সকলক বাৰুকৈয়ে জলা-কলা খোৱাই ৷ বহু চেষ্টাৰ অন্তত সকলোৱে বুজাই বঢ়াই নিশা প্ৰায় ন- বজাত ৰোগী তিনিজনক জেংৰাইমুখ কোভিড কেয়াৰ কেন্দ্ৰলৈ লৈ যায় ৷ এই শিক্ষক জনৰ অবিবেচক কাণ্ডৰ বাবে ১০৮ সেৱাৰ লোকসহ আৰক্ষীয়ে প্ৰায় ছয় ঘন্টা ধৰি হাৰাশাস্তি ভোগিব লগা হয় ৷