/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/beya-khobor.jpg)
ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত কোৰোনাত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ঘিলাবাৰীগাঁৱৰ ইব্ৰাহিম আলী (৪৫) নামৰ লোকগৰাকী যোৱা ২১জুলাইত কোভিড-১৯ত আক্ৰান্ত হয় । বুধবাৰে বিয়লি প্ৰায় ৩বজাত লোকগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ।
বৃহস্পতিবাৰে কোভিড প্ৰট'কলৰ মাজেৰে ইব্ৰাহিম আলীৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা বকোৰ ঘিলাবাৰীগাঁৱৰ ঘৰলৈ আনি সন্ধিয়া কৱৰ দিয়া হয় । ইব্ৰাহিম আলীয়ে ইহসংসাৰত পিতৃ-মাতৃ, পত্নী মনোৱাৰা বিবি আৰু দুই সন্তানক এৰি থৈ যায় ।