লামডিঙত নাই ভেকচিনঃ কোভিড বিধি ভংগৰে সজনসাধাৰণে সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতি

লামডিঙত নাই ভেকচিনঃ কোভিড বিধি ভংগৰে সজনসাধাৰণে সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতি

author-image
asomiyapratidin
New Update
লামডিঙত নাই ভেকচিনঃ কোভিড বিধি ভংগৰে সজনসাধাৰণে সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতি

ডিজিটেল সংবাদ লামডিঙঃ যি সময়ত লামডিঙত ক্ৰমাগতভাৱে কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু জিলা প্ৰশাসনে সমগ্ৰ লামডিং টাউনখনক ৭ জুলাইৰ পৰা ১৪ জুলাইলৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে তেনে সময়তে লামডিঙৰ কোভিড ভেকচিন কেন্দ্ৰ সমূহত ৰাইজে জিলা প্ৰনাসনৰ নিৰ্দেশক বুঢ়া আঙুলী দেখুওৱাৰ লগতে কন্টেইনমেন্ট জ'নৰ নীতি নিয়ম ভাঙি ওলাই আহিছে ৷

Advertisment

ক্লিক কৰি পঢ়কঃ সীমান্ত সুৰক্ষাৰ বাবে স্থাপন হ'ব ১০ টা বেটেলিয়নঃ স্থাপন হ'ব আৰক্ষী থানা

যি সময়ত চৰকাৰে ভেকচিনক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি সকলোৱে ভেকচিন লাভ কৰিব বুলি সকাহ প্ৰদান কৰিছে তেনেসময়তে লামডিঙৰ একাংশ লোকে ভেকচিন কেন্দ্ৰত পুৱতি নিশাৰ পৰা শাৰী পাতিও লাভ নকৰিলে কোভিড ভেকচিন ৷ সোমবাৰেও দক্ষিন লামডিং বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত ৰাইজে হাহাকাৰ কৰিছে এটা ভেকচিনৰ বাবে ৷ বাৰে বাৰে লামডিঙত কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পিছতো আজিলৈকে পৰ্যাপ্ত পৰিমাণে ভেকচিন উপলব্ধ হোৱা নাই যাৰ ফলত জীয়াতু ভূগিছে সাধাৰণ ৰাইজে ৷

লামডিঙত এতিয়া আৰক্ষী প্ৰনাসনৰ তৎপৰতা নোহোৱাত আৰু ভেকচিনৰ লগত জড়িত একাংশ স্বাস্থ্য কৰ্মীৰ অৱহেলা তথা নিজৰ দায়িত্ব তথা পৰিপক্কবদ্ধ ভাৱে ভেকচিন প্ৰদান নকৰাৰ ফলতে এনেধৰণৰ পৰিস্থিতি উৎপন্ন হয় আৰু সমস্যাৰ সন্মুখীন হ'ব লাগে সাধাৰণ ৰাইজ ৷