/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/corona-1.jpg)
ডিজিটেল ডেস্কঃ কোভিড শূন্য হ'ল ৰাজ্য। বুধবাৰে দিনটোত ৰাজ্যত এজনো ব্যক্তি কোভিডত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ হোৱা নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনটোত মুঠ ১,৬২৩ গৰাকী লোকৰ দেহত কৰা হৈছিল কোভিড পৰীক্ষা। কিন্তু ইয়াৰে এজনো ব্যক্তিৰ দেহত ধৰাল পৰা নাই কোভিডৰ উপস্থিতি। সেয়েহে কোভিড আক্ৰান্তৰ হাৰ ০। বৰ্তামান ৰাজ্যত মাত্ৰ ১৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ আছে। কোনো জিলাতে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্যও প্ৰকাশ হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us