মহানগৰীৰ কোভিডৰ স্পৰ্শকাতৰ অঞ্চল কোনবোৰ…

মহানগৰীৰ কোভিডৰ স্পৰ্শকাতৰ অঞ্চল কোনবোৰ…

author-image
asomiyapratidin
New Update
নগাঁৱত কোভিডে প্ৰাণ ল’লে এজনৰ…

ডিজিটেল সংবাদ গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজধানী মণ্ডল (capital zone) আৰু পূৱ মণ্ডলত (East zone) বিশেষকৈ এতিয়াও কোভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ কোভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

Advertisment

সোমবাৰে বিয়লি ৪ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ সৈতে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।

প্ৰতিদিনে অতি কমেও ১০,০০০ লোকক কোভিড পৰীক্ষা কৰিবলৈয়ো বৈঠকত নিৰ্দেশ দিয়ে। জিলাখনৰ কোভিড সংক্ৰমণ নাশ কৰাৰ বাবে কোভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে। তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে কোভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ধ্ৰুৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।