ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

ডিজিটেল ডেস্কঃ শেহতীয়া ২৪ ঘণ্টাত ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ ২ শতাংশৰ ওপৰত। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে মুঠ ২৬৪৪ গৰাকী ব্যক্তি। এই সময়চোৱাত কোভিড পৰীক্ষা কৰোৱা হৈছিল মুঠ ১,০৬,৭৬০ গৰাকী ব্যক্তিৰ। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ২.৪৮ শতাংশ। সুস্থতাৰ হাৰ ৯৪.৭২ শতাংশ।

ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২১ গৰাকী লকো।

বিগত ২৪ ঘণ্টাত লখিমপুৰত ২৮৫, গোলাঘাটত ২৮০, শোণিতপুৰত ১৭৩, কামৰূপ মহানগৰ জিলাত ১৬৮ জন কোভিড আক্ৰান্তক চিনাক্ত কৰ হৈছে। ক্ৰম অনুসৰি জিলা কেইখন বিগত ২৪ ঘণ্টাত কোভিড সৰ্বাধিক আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে।