ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

  • ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বিগত দিন কেইটাৰ দৰে যোৱা ২৪ ঘণ্টাত ২ শতাংশতকৈ কিছু বৃদ্ধি পাইছে।
  • বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ ৰাজ্যত মুঠ ২৭ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।
  • সোমাবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা আছিল ৪২ জন। সেই অনুসৰি মঙ্গলবাৰৰ দিনটোতে মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে।
  • আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৬৭২ গৰাকী।
  • এই সময়চোৱাত কোবিড পৰীক্ষা কৰা হৈছিল মুঠ ১,০১,২২২ গৰাকী ব্যক্তিৰ।
  • সেই অনুসৰি পজিটিভিটিৰ হাৰ ২.৬৪ শতাংশ।
  • এই সময়ত সুস্থতাৰ হাৰ হৈছে ৯৩.৭৭ শতাংশ।
  • কামৰূপ মেট্ৰ' জিলাত বিগত ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ১৪৯ গৰাকী ব্যক্তি।