/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-2.jpg)
ডিজিটেল ডেস্কঃ আকৌ বন্ধ হ'ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। তেনে এক আশংকা ঘণীভূত হৈছে। মহানগৰীত বৃহস্পতিবাৰৰ দিনা দুখনকৈ বিদ্যালয় কামৰূপ জিলা প্ৰশাসনে কোভিড সংক্ৰমণৰ বাবে কণ্টেইমেণ্ট জ'ন ঘোষণা কৰি বন্ধ কৰি দিয়াৰ পিছত চাবুৱাতো আন এখন বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।
অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে স্কুল পৰিদৰ্শকে। উক্ত বিদ্যালয়খনত ৪ জন শিক্ষক আৰু ২ জন ছাত্ৰ দেহত কোভিড ধৰা পৰাৰ পাছতেই ডিব্ৰুগড় জিলা স্কুল পৰিদৰ্শকে এই নিৰ্দেশ জাৰি কৰে।
কোভিডৰ পাছত দীৰ্ঘদিন বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰা হৈছিল যদিও ইখনৰ পাছত সিখন বিদ্যালয়ত কোভিড সংক্ৰমণ হোৱাত এতিয়া অভিভাৱক সকলো চিন্তিত হৈ পৰিছে। উল্লেখ যোগ্য যে ২ টাকৈ শিক্ষাবৰ্ষ কোভিডৰ বাবে নিয়মীয়া পাঠদান হোৱা নাছিল শিক্ষানুষ্ঠানসমূহত।