আশাৰ খবৰঃ ৰাজ্যত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা

আশাৰ খবৰঃ ৰাজ্যত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা

author-image
asomiyapratidin
New Update
টকিঅ অলিম্পিকৰ ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় হকী দল…

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে মুঠ ১,২৭৫ গৰাকী ব্যক্তি। দিনটোত ৰাজ্যত কোভিড পৰীক্ষা কৰা হৈছিল মুঠ ১,৭৬,১৯৭ গৰাকীৰ। সেই অনুসৰি সোমবাৰৰ দিনটোত কোভিড পজিটিভিটিৰ হাৰ ০.৭২ শতাংশ। আনহাতে দিনটোত কোভিডৰ পৰা আৰোগ্যলাভ কৰিছে মুঠ ১,৪৬৯ গৰাকী ব্যক্তি।

Advertisment

আনহাতে কোভিডত সোমবাৰৰ দিনটোত মৃত্যু হৈছে মুঠ ১৯ গৰাকী ব্যক্তি। ইয়াৰ ভিতৰত বৰপেটাত ৪ জন, কামৰূপ মহানগৰ জিলাত ৩ জন, ডিব্ৰুগড়, কামৰূপ গ্ৰাম্য জিলাত ২জনকৈ আৰু বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং, গোলাঘাট, হোজাই, লখিমপুৰ আৰু তিনিচুকীয়াত ১ জনকৈ ব্যক্তিৰ মৃত্যু হৈছে।

আনহাতে সোমবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২০৯ গৰাকী, গোলাঘাটত ১০৬ গৰাকী, ডিব্ৰুগড়ত ৯০ জন আৰু কামৰূপ গ্ৰাম্য জিলাত ৬৯ গৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে।

বৰ্তমানলৈকে কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৬.৮৮শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ ০.৯৩ শতাংশ।