/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/omicronnn-AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল ডেস্কঃ দেশত পুনৰ কোভিড পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ ইংগিত দিছে। একেদিনাই নতুন দিল্লীত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩৮ শতাংশ। যোৱা ৬ মাহৰ ভিতৰত সৰ্বাধিক কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে দিল্লী চৰকাৰ।
অমিক্ৰন প্ৰকাৰৰ কোভিৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ থকাৰ সময়তে শনিবাৰে দিল্লীত ২৫৯ টা নতুন কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে। উল্লেখ যোগ্য যে শুকুৰবাৰে ১৮০ জনৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছিল। ইতিমধ্যে কোভিডক লৈ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ শতৰ্কৰ বাৰ্তা প্ৰেৰণ কৰাৰ পাছত বহু কেইখন ৰাজ্যই নৈশ সান্ধ্য আইন জাৰি কৰিছে।
অসমতো দেওবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। মুম্বাইতো নতুনকৈ ৭৫৭ জনৰ দেহত কোভিড সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে।
ইফালে কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত কোভিড ধৰা পৰিছে। কোভিড ধৰাপৰাসকল অমিক্ৰনত সংক্ৰমিত হৈছে নেকি সেইয়া নিশ্চিত হবলৈ ইয়াৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।