/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত মঙলবাৰে কোৰোনাত আক্ৰান্ত মহিলা এগৰাকীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে, বকো থানাৰ অন্তৰ্গত শিমিলাগাঁৱৰ নিদয়া সূত্ৰধৰ (৪৫) নামৰ মহিলা এগৰাকীৰ কেইদিনমানৰ পৰা জ্বৰত ভুগী আছিল ।
সোমবাৰে মহিলাগৰাকীক চিকিৎসকে কোৰোনা পৰীক্ষা কৰাত কোৰোনাৰ উপস্থিতি ধৰা পৰে ।পিছত মঙলবাৰে মহিলাগৰাকীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত ততাতৈয়াকৈ কোভিড চিকিৎসালয়লৈ নিয়া হয় যদিও মাজ বাটতেই মহিলাগৰাকীৰ মৃত্যু হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us