ক’ভিড-১৯’ত নিহতৰ নিকটাত্মীয়ই আজিও লাভ কৰা নাই ক্ষতিপূৰণ…

ক’ভিড-১৯’ত নিহতৰ নিকটাত্মীয়ই আজিও লাভ কৰা নাই ক্ষতিপূৰণ…

author-image
asomiyapratidin
New Update
ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

ডিজিটেল সংবাদ, তিনিচুকীয়া: ক'ভিড-১৯ত মৃত্যবৰণ কৰা ঘৰৰ মুৰব্বীৰ বিপৰীতে বিধৱা পত্নীক আঢ়ৈ লাখ আৰু নিকটাত্মীক এক লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ এক কল্যাণমূলক আঁচনি ঘোষণা কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু দৰিদ্ৰ পৰিয়ালক সকাহ দিবলৈ যত্নপৰ হৈছে যদিও আজিও বহু পৰিয়ালে এই আঁচনিখনৰ পৰা উপকৃত হোৱা নাই ।

Advertisment

তিনিচুকীয়া জিলাৰ এনে বহু পৰিয়ালে এই আঁচনিৰ নিৰ্দিষ্ট ধনৰাশি লাভ কৰিবলৈ সক্ষম হ'ল যদিও জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাৱতীয় নথি-পত্ৰ জমা দিয়াৰ পিছতো কেইবাটাও পৰিয়ালে আঁচনিৰ ধন পোৱা নাই । যাৰবাবে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী মুৰব্বীজনৰ অকাল মৃত্যুত পৰিয়ালকেইটালৈ অন্ধকাৰ নামি আহিছে । তেনে এটা দুৰ্ভগীয়া পৰিয়াল হ'ল ডুমডুমাৰ ৰূপাই তপোবনৰ মৃত কোষেশ্বৰ গগৈৰ পৰিয়াল ।

জানিব পৰা মতে দিব্যজ্যোতি গগৈৰ স্বামী কোষেশ্বৰ গগৈ ২০২১ বৰ্ষৰ জুন মাহৰ অন্তিম সপ্তাহত ক'ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ৫ জুলাই তাৰিখে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে । কোৰোনাত মৃত্যু হোৱা বাবে ঘৰলৈ মৃতদেহ আনিব নিদি স্বাস্থ্য বিভাগে যথাৰীতিৰে নিৰ্দিষ্ট কৰি থোৱা স্থানত তেওঁৰ মৃতদেহৰ সৎকাৰ কৰে ।

ৰাজ্য চৰকাৰে ক'ভিড-১৯ত মৃত্যু হোৱা লোকৰ পৰিয়ালক সকাহ দিবলৈ বিধবা পত্নীক আঢ়ৈ লাখ টকা আৰু নিকট আত্মীয়ক এক লাখ টকা এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা বুলি জানিব পাৰি প্ৰয়াত কোষেশ্বৰ গগৈৰ পত্নী দিব্যজ্যোতি গগৈয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা মতে যাৱতীয় সকলো নথি-পত্ৰ গাঁঠি দি আৰ্থিক সাহাৰ্য পোৱাৰ আশাৰে আবেদন কৰিছিল । তদুপৰি স্থানীয় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাকো সাক্ষাৎ কৰি ক্ষতিপূৰণ পাবলৈ কাবৌ-কোকালি কৰিছিল । পিচে পৰিয়ালটোৱে আজিও লাভ নকৰিলে প্ৰাপ্য আৰ্থিক সাহাৰ্য ।

সাহাৰ্যৰ পৰা বঞ্চিত আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৱে জিলা উপায়ুক্তকো সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাত উপায়ুক্তগৰাকীয়ে আবেদনকাৰীসকলৰ নাম-তালিকা নিৰীক্ষণ কৰি তেওঁলোকৰ নাম উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়াৰ লগে ক্ষতিপূৰণ লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছিল ।

পিছে আজিলৈকে পৰিয়ালটোৱে চৰকাৰে ঘোষণা কৰা আৰ্থিক সাহাৰ্য লাভ কৰা নাই । ইফালে জিলাখনৰ ডুমডুমা আজাদ ৰোডৰ বাসিন্দা প্ৰয়াত ফণীন্দ্ৰ বৰাৰ বিধবা পত্নী মমতা বৰা, কাকপথাৰ ১ নং চেলেংগুৰিৰ প্ৰয়াত মুকুট গগৈৰ বিধৱা পত্নী বন্তি গগৈ আদিয়েও ঘোষিত ক্ষতিপূৰণ পোৱা নাই বুলি জানিব পৰা গৈছে । আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত এই পৰিয়ালসমূহে প্ৰাপ্য অনুদান মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে প্ৰাৰ্থনা জনাইছে ।

আৰু পঢ়ক: ডিঙিত গামোচা লৈ ৫ জুনত আৰৱলৈ ৰাওনা হ'ব প্ৰথমটো হজ যাত্ৰী দল…

assam tinsukia