/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bd2b544f-f6c1-4691-9d0e-a4f728fb7072/gdsfdfdff.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ ৰায়দান। পকচো আইনৰ ধাৰা ৬ অনুসৰি শুকুৰবাৰে অপৰাধীক কাৰাদণ্ড বিহে আদালতে ।
কচুগাঁও বছগাঁৱৰ দৈমালু মুছাহাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমণা বিহিছে আদালতে। জৰিমণা আদায় নিদিলে ৬ মাহ অতিৰিক্ত কাৰাদণ্ড আদালতৰ।
অভিযোগ অনুসৰি দৈমালু মুছাহাৰীয়ে ২০২০ চনৰ ১ জানুৱাৰীৰ নিশা এগৰাকী নাবালিকাক অপহৰণ কৰি নদীৰ পাৰত নি ধৰ্ষণ কৰিছিল । ১ জানুৱাৰীৰ নিশাটো দৈমালু মুছাহাৰীয়ে নাবালিকাগৰাকীক নিজৰ ঘৰত ৰাখি পিছদিনা আধা ৰাস্তাত এৰি দিয়ে ।
তাৰ পাছতে পৰিয়ালৰ লোকে ২ জানুৱাৰীত কচুগাঁও থানাত এজাহাৰ (নং ০২/২০২০ ) দিছিল। বিশেষ গোচৰ নং ৯/২০ মৰ্মে আজি কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে ৰায়দান কৰে ।
Also Read: বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সংবাদ মেল