৩ বছৰ ৬ মহীয়া কণমানিক যৌন নিৰ্যাতন, আদালতে শাস্তি বিহিলে ৰফিক আলীক

অৱশেষত কনমানিয়ে পালে ন্যায়। শিশু ধৰ্ষণকাৰীক মঙলবাৰে আদালতে দিলে শাস্তি

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ডিজিটেল ডেস্কঃ অৱশেষত কনমানিয়ে পালে ন্যায়। শিশু ধৰ্ষণকাৰীক মঙলবাৰে আদালতে দিলে শাস্তি।

Advertisment

শিশু ধৰ্ষণকাৰীক ৭ বছৰৰ সশ্রম কাৰাদণ্ড POCSO আদালতৰ। ৰফিক আলী নামৰ লোকজনক ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে।

৩ বছৰ ছমহীয়া এটি কণমানিক যৌন নিৰ্যাতন চলাইছিল ৰফিকে। ৰফিক আলীক ৯ হাজাৰ টকাৰ জৰিমনাৰো নিৰ্দেশ আদালতৰ। জৰিমনা দিব নোৱাৰিলে অতিৰিক্ত ৩ মাহ কাৰাদাণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

ভুক্তভোগী কণমানিটিক ১ লাখ টকাৰ ক্ষতিপূৰণৰো নিৰ্দেশ দিছে ন্য়ায়ালয়ে। জিলা আইন সেৱা প্রাধিকাৰীক এই ধন প্রদানৰ নিৰ্দেশ। উল্লেখ্য যে, ২০২২ চনত ফটাশিল আমবাৰীত সংঘটিত হৈছিল এই ঘটনা।

Also Read: ইজৰাইলত বিভৎস দৃশ্য! ক'ত আছে শান্তিৰ উশাহ?

Assam police