/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3036aa90-673f-49b9-a302-8d686c39acfd/cotton.jpg)
ডিজিটেল ডেস্ক : কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ষষ্ঠ বাৰ্ষিক প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ৭ ছেপ্টেম্বৰ, বুধবাৰে অনুষ্ঠিত হ'ব। সেই মৰ্মে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ পুৱা ১০:৩০ বজাৰ পৰা ২ বজালৈ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে।
ছপা আৰু বৈদ্যুতিন মাধ্যমৰ বাবে লেখন শৈলী বিষয়ক অনুষ্ঠিতব্য কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ক্ৰমে দ্য আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক মনীষ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া।
দিনৰ ২ বজাৰ পৰা আবেলি ৪ বজালৈ বিভাগটোৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময় অনুষ্ঠান এটিও অনুষ্ঠিত হ'ব। আবেলি ৪:৩০ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ অনুষ্ঠিত হ'বলগীয়া আন এটি অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব নাহৰকটীয়া সমষ্টিৰ বিধায়ক, অসম ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তথা অসম অলিম্পিক এছ'চিয়েচনৰ যুটীয়া সম্পাদক তৰংগ গগৈ, দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা, দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱা, অসমীয়া খবৰ কাকতৰ সম্পাদক বিশ্বজিৎ দাস আৰু এনডি২৪ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা।
সন্ধিয়া ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াত বিভাগটোৰ বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপৰি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা, গাৰ্গী দাস আৰু অনুৰাগ শইকীয়াই গীত পৰিৱেশন কৰিব। বিভাগটোৰ ন-পুৰণি সকলো শিক্ষার্থীকে অনুষ্ঠানত উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।