কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসৰ শুভ উদ্বোধন

কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসৰ শুভ উদ্বোধন

author-image
asomiyapratidin
New Update
কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসৰ শুভ উদ্বোধন

ডিজিটেল ডেস্ক: কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰ নিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসটো শুকুৰবাৰে উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতা, ডীন, অধ্যাপকবৃন্দ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক।

Advertisment

১২৬ খন আসনযুক্ত এই হোষ্টেলত ডাবল আৰু ট্ৰিপল শ্বেয়াৰিং ভিত্তিত ৬০ টা কোঠা আছে। নৱনিৰ্মিত এই ভৱনটো ৬ মহলীয়া আৰু আবাসীসকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত। হোষ্টেলৰ শীৰ্ষ দুটা মহলা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে আৰু বাকী মহলাকেইটাত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে।

পূৰ্বৰ কটন কলেজৰ ২য় মেছ নামেৰে জনাজাত এই হোষ্টেলটো ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত তেতিয়াৰ কলেজ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটো পুনৰনিৰ্মাণ কৰা পদক্ষেপক আদৰণি জনাইছে কটন পৰিয়ালে। উল্লেখ্য যে বিশ্বব্যাপী Covid19 মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰনিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠে ৷

আৰু পঢ়ক: বঙাইগাঁও শোধনাগাৰে বৰপেটা জিলালৈ আগবঢ়ালে ২ খন এম্বুলেন্স আৰু স্বাস্থ্য সেৱাৰ সঁজুলি…

assam cotton university