প্ৰশাসনৰ পৃষ্ঠপোষকতাতে কটন কলেজিয়েটত স্বচ্ছ ভাৰতৰ শ্ৰাদ্ধ

প্ৰশাসনৰ পৃষ্ঠপোষকতাতে কটন কলেজিয়েটত স্বচ্ছ ভাৰতৰ শ্ৰাদ্ধ

author-image
asomiyapratidin
New Update
প্ৰশাসনৰ পৃষ্ঠপোষকতাতে কটন কলেজিয়েটত স্বচ্ছ ভাৰতৰ শ্ৰাদ্ধ

ডিজিটেল ডেস্কঃ মহানগৰীৰ এখন বিদ্যালয় কটন কলেজিয়েট। এসময়ত এই বিদ্যালয়খন আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। চৰকাৰী বিদ্যালয়খনৰ পূৰ্বৰ গৰিমা হ্ৰাস পাইছে যদিও এসময়ত এই বিদ্যালয়খনত পঢ়ি যোৱা ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনৰ প্ৰতি আছে এক এৰাব নোৱাৰা সম্বন্ধ। পিছে সোমবাৰে বিদ্যালয়খনলৈ গৈ আচৰিত হ'ল এসময়ত বিদ্যালয়খনত পঢ়ি অহা একাংশ প্ৰাক্তন ছাত্ৰ।

Advertisment

১২ জুলাইৰ পৰা ১৭ জুলাইৰ লৈকে মহানগৰীত অনুষ্ঠিত হৈছিল নেশ্যনেল বেছ বল প্ৰতিযোগিতা আৰু প্ৰশিক্ষণ। এই প্ৰতিযোগিতালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল প্ৰতিযোগীসকল। অনুষ্ঠানত অংশ লোৱা প্ৰতিযোগীসকল থকাৰ বাবে কেম্পৰ ব্যৱস্থা কৰা হৈছিল কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনত থাকিবলৈ দিয়াৰ লৈকে সকলো ঠিকে আছিল। কিন্তু তাৰ পিছৰ পৰিৱেশ দেখিলেহে আচৰিত হ'ব।

বিদ্যালয়খনৰ প্ৰতিটো কোঠাতে পৰি আছিল বিড়ি, চিগাৰেটৰ তোকোৰাৰ লগতে তামোল-পানৰ পিক। ইফালে মাত্ৰ এই কাৰ্যতে ক্ষান্ত নাথাকি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ বেঞ্চ-ডেস্কৰ লগতে দৰ্জা-খিৰিকীও ভাঙি তহিলং কৰে।

প্ৰতিমাহে বিদ্যালয়খনলৈ গৈ পৰিৱেশ প্ৰত্যক্ষ কৰাৰ লগতে শিক্ষাগুৰুৰ সৈতে বাৰ্তালাপ কৰে এসময়ৰ প্ৰাক্তন কেইগৰাকীমান ছাত্ৰই। সোমবাৰে বিদ্যালয়খনৰ কদৰ্যময় ৰূপ দেখি তবধ মানিলে সেই সকল ছাত্ৰই। বিদ্যালয় কৰ্তৃপক্ষক এই কথা অৱগত কৰে যদিও, তেওঁলোকে জানিবলৈ দিয়ে যে- জিলা উপায়ুক্তৰ নিৰ্দেশত যদিও বেছ বল প্ৰতিযোগিতা আৰু প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষাৰ্থীসকলক থাকিবলৈ বিদ্যালয়খনত দিয়া হৈছিল, কিন্তু ছাত্ৰ-ছাত্ৰীসকল যোৱাৰ পাছত বিদ্যালয়খন পৰিষ্কাৰ কৰাৰ দায়িত্ব নল'লে জিলা প্ৰশাসনে।

গ্ৰীষ্ম বন্ধৰ বাবে বিদ্যালয়খন বন্ধ ৰখা হৈছিল যদিও আৰু মাত্ৰ এসপ্তাহৰ পাছতেই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকল আহি কেনে পৰিৱেশত অধ্যয়ন কৰিব, এতিয়া তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকাৰ বিজ্ঞাপন দি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা কোৱা চৰকাৰ-প্ৰশাসনৰ এনে কাণ্ডই বাৰুকৈয়ে চিন্তাত পেলাইছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ ছাত্ৰ সমাজক।

কোনো এক প্ৰতিযোগিতা আয়োজন কৰি সেই কাৰ্য যদি জিলা প্ৰশাসনে নিয়াৰিকৈ সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে তেনেধৰণৰ অনুষ্ঠানৰ আয়োজন নকৰাই ভাল বুলি মন্তব্য কৰিছে একাংশ প্ৰাক্তন ছাত্ৰই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠান আয়োজন কৰি অতিথিক থাকিবৰ বাবে ব্যৱস্থা কৰি দিয়া বিদ্যালয়খন যদি পৰিষ্কাৰ কৰিব নোৱাৰে তেন্তে ই জিলা প্ৰশাসনৰ বাবে এক লজ্জাজনক কথা।

কটন কলেজিয়েটৰ দৰে এখন ৰাজ্যৰ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এনে অবিবেচকি কাণ্ডক সকলো লোকেই গৰিহণা দিছে। মাত্ৰ খবৰ কাকতত স্বচ্ছতাৰ বিজ্ঞাপন অথবা সভা-সমিতিত দিয়া ভাষণতেই স্বচ্ছ ভাৰত অভিযানক সীমাৱদ্ধ কৰি ৰখা প্ৰশাসনৰ যদিহে অনুষ্ঠান আয়োজন কৰি অপৰিষ্কাৰ কৰি ৰখা কাৰ্যই ব্যৰ্থিত কৰিছে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক।