/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/374df0c3-d4ec-4f37-af61-19c186cc5c5b/mikirveta.jpg)
মিকিৰভেটা গাঁৱত "কুটিৰ উদ্যোগ যোজনা বৈঠক" শীৰ্ষক অনুষ্ঠান সম্পন্ন...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ একল অভিযান নগাঁও অঞ্চল আৰু গুৱাহাটী মহিলা সমিতিৰ উদ্যোগত তথা বনবন্ধু পৰিষদৰ মহিলা সমিতিৰ সহযোগত আজি মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিৰভেটা গাঁৱত "কুটিৰ উদ্যোগ যোজনা বৈঠক" শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় মহিলা সমিতিৰ অধ্যক্ষ লতা মালপানীয়ে।
একল অভিযান নগাওঁ অঞ্চলৰ অভিযান প্ৰমুখ অতুল মহানন্দই আঁত ধৰা সভাৰ উদেশ্য বাখ্যা কৰি গুৱাহাটী মহিলা সমিতিৰ প্ৰমুখ উমা দেওৰাই "কুটিৰ উদ্যোগৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰতাৰ বিষয়ে বক্তব্য দাঙি ধৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় মহিলা সমিতিৰ সচিব বিনিতা জাজো, নগাওঁ অঞ্চল মহিলা সমিতিৰ অধ্যক্ষ প্ৰেমলতা তিব্ৰীৱাল, মিকিৰভেটা সঞ্চৰ অধ্যক্ষ বলেন পাটৰৰ লগতে একল অভিযানৰ নগাওঁ অঞ্চলৰ কাৰ্য্যকৰ্তা, মিকিৰ ভেটা সঞ্চৰ আচাৰ্যা, মহিলা সমিতিৰ সমূহ বিষয়ববীয়া আৰু শতাধিক স্থানীয় লোক উপস্থিত থাকে। শেষত কল্যাণ মন্ত্ৰৰ দ্বাৰা অনুষ্ঠানৰ সামৰণি মৰা হয়।