চিমেন চাপৰিত ৩০ লাখ টকীয়া আঁচনিত অনিয়মৰ অভিযোগ

চিমেন চাপৰিত ৩০ লাখ টকীয়া আঁচনিত অনিয়মৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
চিমেন চাপৰিত ৩০ লাখ টকীয়া আঁচনিত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ, চিমেন চাপৰিঃ চিমেন চাপৰিত লালী নদীৰ খহনীয়া প্ৰতিৰোধী ৩০ লাখ টকীয়া আঁচনিত অনিয়মৰ অভিযোগ। চিমেন চাপৰি অঞ্চলৰ নৈ পৰীয়া চমকং অপ্সৰাত লালী নদীৰ খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ানত ব্যাপক অনিয়াম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

উল্লেখ্য যে বৰ্ষা আৰু খৰালিত ভয়ানক খহনীয়া সৃষ্টি কৰা নৈ খনৰ অপ্সৰা অংশটো প্ৰতিৰোধৰ বাবে মেক'ৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ পুজিৰ দ্বাৰা আৰচিচি পাৰ্কিউপাইন আঁচনি ৰূপায়ন কৰা হয়। ৩০ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ল পকী পাৰ্কিউপাইন আঁচনি। কিন্তু আঁচনিৰ নিৰ্মাণ কাৰ্যত মুঠেই সন্তোষজনক নহয় বুলি ৰাইজে অভিযোগ তুলিছে। তেনেই নিম্নমানৰ কামৰে বুজন পৰিমাণৰ ৰাজহুৱা ধন উলিয়াই উদৰস্থ কৰিছে।

একেদৰে সমষ্টিটোৰ কেইবাখনো আঁচনি ৰূপায়নৰ নামত গুৰুতৰ অনিয়ম হোৱা বুলি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। মিছিং পৰিষদৰ সংশ্লিষ্ট সমষ্টিৰ পৰিষদে আঁচনি ৰূপায়নৰ নামত চৰম ভেকো ভাওনা কৰি কেৱল মিডিয়াত ফটো দি দায় সৰাৰ চেষ্টা চলাইছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে।

ASSAM GOVERNMENT