পত্নী, আত্মীয়ৰ বেংক একাউণ্টালৈ লাখে লাখে চৰকাৰী ধন হস্তান্তৰ সমবায় পৰিদৰ্শকৰ...

পত্নী, আত্মীয়ৰ বেংক একাউণ্টালৈ লাখে লাখে চৰকাৰী ধন হস্তান্তৰ সমবায় পৰিদৰ্শকৰ...
পত্নী, আত্মীয়ৰ বেংক একাউণ্টালৈ লাখে লাখে চৰকাৰী ধন হস্তান্তৰ সমবায় পৰিদৰ্শকৰ...

ডিজিটেল সংবাদ কাছাৰঃ স্বয়ং সমবায় পৰিদৰ্শকৰ অধীনস্থ সমবায়ৰ ধন গোটে গোটে আত্মসাৎ কৰাৰ খবৰে তোলপাৰ লগাইছে কাছাৰ জিলাত। কাছাৰ জিলাৰ গুমৰাহ গাওঁ পঞ্চায়ত সমবায় সমিতি লিমিটেডত বিভাগীয় পৰিদৰ্শক অজয় বৈশ্যৰ নেতৃত্বত সংঘটিত হৈছে এই চুড়ান্ত দুৰ্নীতি।

প্ৰায় ৭০ লাখ টকা অনিয়মেৰে উক্ত পৰিদৰ্শকজনে উদৰস্থ কৰাৰ সম্পৰ্কত ২০২১ চনৰ পৰাই আনুষ্ঠানিকভাবে অভিযোগ কৰি আহিছে কাতিগড়া সমষ্টিৰ বিধায়ক খলিলুদ্দিন মজুমদাৰে। বিধায়কগৰাকীয়ে সংশ্লিষ্ট সমবায় বিভাগৰ সচিবলৈ লিখা এখন পত্ৰত প্ৰকাশ কৰিছিল যে উক্ত সমবায়ৰ দায়িত্বত থকা পৰিদৰ্শক অজয় বৈশ্যই সমবায়খনৰ সমুদায় টকা একক স্বাক্ষৰেৰে তিনিবছৰ আগতেই নিজৰ নিকট আত্মীয়ৰ একাউণ্টলৈ হস্তান্তৰ কৰিছে।

তাৰ পিছতো উক্ত দুৰ্নীতিগ্ৰস্ত বিষয়াৰ শাস্তি নোহোৱাত স্তম্ভিত হৈছে সচেতন মহল।উল্লেখ্য যে, গুমৰাহ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ গ্ৰামীন বিকাশ বেংক গুমৰাহ শাখাত থকা একাউণ্টৰ পৰা পৰিদৰ্শক বৈশ্যই সমবায়ৰ পইছা তেওঁ‌ৰ পত্নী ৰীতাশ্ৰী বৰ্মণৰএকাউণ্টলৈ হস্তান্তৰ কৰাৰ তথ্য আমাৰ হাতত পৰিছে।

এইগৰাকী ৰীতাশ্ৰী বৰ্মণ নিজেও সমবায় বিভাগৰে কামৰূপ জিলাত কৰ্মৰত এগৰাকী পৰিদৰ্শক। তদুপৰি অজয় বৈশ্যই কেৱল নিজৰ পত্নীৰ একাউণ্টলৈ সমবায়ৰ পইছা হস্তান্তৰ কৰাতে ক্ষান্ত নাথাকি বহুকেইজন নিকট আত্মীয়লৈ পইছা হস্তান্তৰ কৰে।

এখন সমবায় সমিতিৰ অফিচিয়েল একাউণ্টৰ পৰা এনেকৈ ধন হস্তান্তৰ কৰা কাৰ্য দেখি চকু কপালত উঠিছে সচেতন মহলৰ। দুৰ্নীতিগ্ৰস্ত অজয় বৈশ্যই আত্মসাৎ কৰা এই ধন তেখেতৰ আত্মীয় অন্য এজন পৰিদৰ্শকৰ জনৈক শান্তনু তামুলীৰ পত্নীসহ শকুন্তলা বৰ্মন , সুবোধ বৰ্মন,লোপামুদ্ৰা ভৰালী,ধৰণী বৰ্মন,বিজয় বৰ্মন,মিলি ভৰালী, জোনমণি বৰ্মন ভৰালী,কমল বৰ্মন আদিলৈ হস্তান্তৰ কৰাৰ তথ্য বেংক ষ্টেটমেন্টত পোহৰলৈ আহিছে।

সমবায়খনৰ ধন এনেকৈ প্ৰাপক পক্ষই গ্ৰহণ কৰাটোও তদন্তৰ বিষয়। কিন্তু এজন পৰিদৰ্শকে এনেকৈ বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ পিছতো কি বলেৰে বলীয়ান হৈ বিভাগটোত চাকৰি কৰি আছে, সেয়া কোটি টকীয়া প্ৰশ্ন। কাছাৰৰ এই গুমৰাহ গাওঁ পঞ্চায়ত সমবায় সমিতিখনত এই অজয় বৈশ্য নামৰ পৰিদৰ্শকজনৰ নেতৃত্বতে প্ৰায় ৫০৩০ কুইণ্টল চাউলৰ হৰলুকি হোৱাৰ দৰে ভয়ানক কাণ্ডও সংঘটিত হোৱাৰ খবৰ আহিছে।

দুৰ্নীতিৰ পইছাৰে সমবায় বিভাগত একেলগে চাকৰি পোৱা এই বিস্ময়কৰ ব্যক্তি অজয় বৈশ্য, ৰিতাশ্ৰী বৰ্মন, শান্তনু তামূলীসহ গোটেই দুৰ্নীতিৰ টকাৰ ভাগ পোৱা পৰিয়ালে চৰকাৰী নিয়ম উলংঘা কৰি বিদেশ ভ্ৰমণ কৰাৰো খবৰ আছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰয়োজন হয় যদিও জনতা ভৱন আৰু সমবায় বিভাগৰ কেইজনমান বিষয়া কৰ্মচাৰীক বহু লক্ষ টকাৰে কিনি এই দৰে বলিয়ান হৈ পৰিছে।

কিন্তু কাছাৰত এনেদৰে সকলো দুৰ্নীতি মাৰ যোৱা কথাটোৱে বৰ্তমানৰ চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক তীব্ৰ ভেঙুচালি কৰিছে বুলি স্বয়ং বিভাগতে খবৰ ওলাইছে। কাটিগড়া বিধানসভা সমষ্টিৰ বিধায়ক খলিলুদ্দিন মজুমদাৰৰ অভিযোগ সম্পৰ্কত বিভাগটোৰ উৰ্ধতম কৰ্তৃপক্ষই কি পদক্ষেপ লয় তাৰ বাবে ৰাইজে গভীৰ আশাৰে বাট চাইছে। দুৰ্নীতিৰ বছৰ বাগৰিছে। ফলাফলৰ আশাত এতিয়াও বন্দী ভুক্তভোগী ৰাইজ।

পত্নী, আত্মীয়ৰ বেংক একাউণ্টালৈ লাখে লাখে চৰকাৰী ধন হস্তান্তৰ সমবায় পৰিদৰ্শকৰ...
পুখুৰীত ডুবি একে পৰিয়ালৰ দুই ভগ্নীৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in