সাপটগ্ৰামৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামীৰ বিয়োগ...

সাপটগ্ৰামৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামীৰ বিয়োগ...
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ধুবুৰী জিলাৰ সুৰিপাৰা নিৱাসী তথা অসমীয়া প্ৰতিদিন কাকতৰ সাপটগ্ৰামৰ স্থানীয় জ্যেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামী (৪৮) আৰু নাই । দীৰ্ঘদিনৰ পৰা উচ্চ ৰক্তচাপ, হৃদৰোগত ভোগা ছত্ৰপতি গোস্বামী বৃহস্পতিবাৰে পুৱা প্ৰায় ১০মান বজাত নিজ গৃহতে হঠাতে চকীৰ পৰা ঢলি পৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে সাংবাদিকতাৰ উপৰিও সাহিত্য চৰ্চা কৰা ছত্ৰপতি গোস্বামী মৃত্যুৰ আগমুহুৰ্তলৈ ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানৰ সতে জড়িত আছিল। সাপটগ্ৰাম প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক ছত্ৰপতি গোস্বামীৰ উদ্যোগত আই শাখাতিত প্ৰতি বছৰে কবি সন্মিলন অনুষ্ঠিত হৈছিল । সাপটগ্ৰামত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা, বিহু আৰু আই শাখাতিত অনুষ্ঠিত হোৱা গৰু বিহুৰ মূল উদ্যোক্তাও আছিল ছত্ৰপতি গোস্বামী।

প্ৰেৰণা মঞ্চ নামেৰে স্বেচ্ছাসেৱী সংস্থা গঠন কৰি আৰ্তজনক সাহস, প্ৰেৰণা আৰু সহায়ৰ হাত আগবঢ়োৱা ছত্ৰপতি গোস্বামীৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই তেওঁৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভিৰ কৰে আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁও সংস্কৰণৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মা, সাপটগ্ৰাম প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ দে, জেষ্ঠ্য সাংবাদিক ধৰম ৰঞ্জন ৰায় আদিকে ধৰি একাংশ সতীৰ্থ সাংবাদিক মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ইপিনে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে এক শোক বাৰ্তাত অসমীয়া প্ৰতিদিন কাকতৰ সাপটগ্ৰামৰ স্থানীয় সংবাদদাতা ছত্ৰপতি গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । শোকবাৰ্তাত অৰবিন্দ নাথে কয় যে, "ছত্ৰপতি গোস্বামী এগৰাকী আদৰ্শবান সাংবাদিক আছিল আৰু অসমীয়া ভাষা-সাহিত্য-কলা-সংস্কৃতিৰ চৰ্চাত তেওঁ সদায়ে আগৰণুৱা আছিল ।"

তেওঁৰ মৃত্যু সংবাদজগত বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে । আনহাতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়েও সাংবাদিক ছত্ৰপতি গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে । মৃত্যুৰ পূৰ্বে সংবাদকৰ্মীজনে পত্নী আৰু দুই কন্যা সন্তান ইহজগতত এৰি থৈ যায় ।

সাপটগ্ৰামৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামীৰ বিয়োগ...
কাজিৰঙাত 'অধ্যয়ন চক্ৰ'ৰ উদ্যোগত আয়োজন সাংবাদিক কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in