/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/df634922-4277-4a1c-9886-3295282dec1a/amal_das.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ বুধবাৰৰ পৰা তাজিৰঙাত অনুষ্ঠিত হৈছে সাংবাদিক কৰ্মশালা । সাংবাদিক কৰ্মশালাৰ আজি দ্বিতীয় দিনা সমল ব্যক্তি হিচাপে উপস্থিত থাকে এখন প্ৰতিস্থিত কাকতৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অমল দাস৷
কৰ্মশালাত অংশ লৈ জেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে, "প্ৰতিটো বিষয় সন্দৰ্ভত জ্ঞান আহৰণ কৰি সেইবোৰ সঠিকভাৱে উপস্থাপন কৰাটোৱেই এগৰাকী সাংবাদিকৰ দায়িত্ব হোৱা উচিত ৷ আনহাতে, জনগণৰ সমস্যা, অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টিত আনিবৰ বাবেই প্ৰয়োজন হয় প্ৰচুৰ অধ্যয়নৰ ৷ কাৰণ, অধ্যয়ন অবিহনে সুস্থ সাংবাদিকতা কেতিয়াও সম্ভৱ নহয়৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/244861fd-0bcb-4b7e-b6a9-d963e057a365/36778fb9_a1e5_4176_94fb_ebe752f68235.jpg)
বিগত তিনিটা দশকে সাংবাদিকতাৰ স’তে জড়িত হৈ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈছে উল্লেখ কৰি তেওঁ কয় যে, "সাংবাদিকতাৰ ক্ষেত্ৰখনৰ দ্ৰুত পৰিৱৰ্তন হৈছে ৷ অসমৰ সাংবাদিকতাৰ ১৭৭ বছৰীয়া যাত্ৰাত বহু উত্থান-পতন হৈছে যদিও সম্প্ৰতি যেন সংবাদ মাধ্যমৰ প্ৰতি সাধাৰণ দৃষ্টি কিছু নেতিবাচক হৈছে ৷" তদুপৰি দাসে কয়,
"গণতন্ত্ৰ ৰক্ষাৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহৃত হোৱা সংবাদ মাধ্যম আজিৰ তাৰিখত বহুক্ষেত্ৰত নিজেই একো একোটা বাতৰি হ’ব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে৷ তেখেতে কয়, সাম্প্ৰতিক সময়ত কেৱল প্ৰতিযোগিতা আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবেই বহু সংবাদকৰ্মীয়ে সংবাদ যোগানৰ নামত সমাজখনক বিপথে পৰিচালিত কৰে৷ এনে ধৰণৰ মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সাংবাদিকতা কৰাটো যুগুত নহয় বুলিও মন্তব্য প্ৰদান কৰে ৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/909fc2bd-bd4b-4b7a-8743-be23e6c479b2/efe427a0_a8d1_4921_8cfd_56bd9d9a6b1f.jpg)
তেখেতে কয়, "সাংবাদিকতাৰ বাবে সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা লাগিবই বুলি কোনো কথা নাই, কিন্তু নৈতিকতা নাথাকিলে সাংবাদিকতা কেতিয়াও সম্ভৱ নহয় ৷ তেখেতে বিভিন্ন উদাহৰণ দাঙি ধৰি প্ৰশিক্ষাৰ্থীসকলক নিয়মিত অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷
তেখেতে কয়, উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিসকলক প্ৰতিযোগিতামূলক বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ কৰিবৰ বাবে কাজিৰঙা অধ্যয়ন চক্ৰই বিগত এটা বছৰে চলোৱা কচৰৎ সমাজৰ বাবেই শুভ লক্ষণ ৷ আনহাতে, এইক্ষেত্ৰত সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কাজিৰঙা অধ্যয়ন চক্ৰৰ মূল দায়িত্ব লৈ উঠি অহা প্ৰজন্মক আগবঢ়াই নিবলৈ যত্ন কৰাটো এটা মহৎ কৰ্ম ৷ এইক্ষেত্ৰত সকলো পক্ষই ধ্ৰুৱজ্যোতি সাহা আৰু কাজিৰঙা অধ্যয়ন চক্ৰক সহযোগিতা আগবঢ়োৱা উচিত বুলি জ্যেষ্ঠ সাংবাদিক দাসে মন্তব্য কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/89d125c9-aced-4f31-a1a3-c2426d9718f7/685b394a_b948_4b49_9fef_961dd4b47e78.jpg)
উল্লেখ্য যে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাৰ বৰগছ ৰিচৰ্টত সাংবাদিকতাৰ কৰ্মশালা আয়োজন হৈছে ৷ কালি প্ৰথম দিনা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই মুকলি কৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক অভিজিৎ গগৈ, বিতোপন মাজি আৰু নীলপদ্ম শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/765f8713-d533-4960-aef5-e177338b261e/eb1f5ecb_1ef5_4fad_adfb_7855a902d46a.jpg)
আজি দ্বিতীয় দিনাৰ প্ৰথম পৰ্বত জ্যেষ্ঠ সাংবাদিক স্বপন নাথে নিজৰ অভিজ্ঞতা সন্দৰ্ভত অডিঅ’-ভিজুৱেল পদ্ধতিৰে প্ৰশিক্ষাৰ্থীসকলক পাঠদান কৰে ৷ সমাজৰ বিভিন্ন অপকৰ্ম ৰোধৰ ক্ষেত্ৰত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত সাংবাদিক নাথে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ কৰ্মশালাৰ অন্তিমটো পৰ্বত বন্যপ্ৰাণী সাংবাদিকতা সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c6ff0209-21d2-4af4-a453-748a8f00d041/68ec2bd8_0d2b_4202_8ce4_82e79b773e0b.jpg)
কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা কৰ্মশালাখনিত সাংবাদিক শইকীয়াই কয় যে, নজনাৰ দোষতে বহু লোকে বান্দৰ অথবা অন্যান্য বন্যপ্ৰাণীক খাদ্য যোগান ধৰে আৰু সেয়া সাংবাদিকে বাতৰি কৰাত লাগে৷ প্ৰকৃতাৰ্থত, বন্যজন্তুক খাদ্য যোগান ধৰিলে জন্তুটোৰ আহাৰ সংগ্ৰহ কৰাৰ কচৰৎ পাহৰি যায় আৰু যাৰ বাবেই বন্যপ্ৰাণীৰ আচৰণৰ সলনি হয়৷ আনহাতে, এইবোৰ বাতৰি প্ৰকাশ কৰি আনকো উৎসাহিত কৰা মানে বন্যপ্ৰাণীৰ প্ৰতি অন্যায় কৰাহে বুজায় ৷ "
জ্যেষ্ঠ সাংবাদিক শইকীয়াই বিভিন্ন বন্যপ্ৰাণী আইন সম্বন্ধে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক অধ্যয়ন কৰিবলৈ আহ্বান জনাই বন্যপ্ৰাণী আৰু পৰিৱেশ সম্বন্ধীয় কেইবাটাও তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ৷ ইপিনে, কাইলৈ কৰ্মশালাৰ শেষৰটো দিনত দুগৰাকী পৰিবেশবিদ ক্ৰমে মনোজ গগৈ, ড° অনুপম শৰ্মা, সাংবাদিকৰ আইন সম্বন্ধে ব্যাখ্যা আগবঢ়াবলৈ দুই অধিবক্তা কিশোৰ ছেত্ৰী আৰু দিগন্ত গগৈ, চাৰিগৰাকী পৰ্যটন কৰ্মী ৰূপজ্যোতি শইকীয়া গগৈ, চন্দন গগৈ, পংকজ গগৈ আৰু চন্দনসেন দহোটীয়া উপস্থিত থাকিব ৷
কাইলৈৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতা আৰু বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাৰ স’তে কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলে মুকলি বাৰ্তালাপ কৰিব ৷
তদুপৰি, কাইলৈৰ অনুষ্ঠানত অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ উপস্থিতিত পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ভাৰতীয় বন সেৱাৰ বিষয়া অৰুণ ভিগনেছ, বোকাখাত মহকুমাৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙীয়া আৰু বোকাখাত মহকুমাৰ শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপ উপস্থিত থাকি কৰ্মশালাখনিত অংশগ্ৰহণ কৰা উঠি অহা প্ৰজন্মৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশাসনিক সেৱাৰ প্ৰস্তুতি কেনেদৰে কৰিব পাৰি সেই সন্দৰ্ভত অৱগত কৰিব৷
Also Read: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহাঃ হিৰোইনসহ আটক ৩ সৰবৰাহকাৰী...