পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰৰ মৃতদেহ চিৰাঙত উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰৰ মৃতদেহ চিৰাঙত উদ্ধাৰ

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চিদলী থানাৰ গৰুভাষা আৰক্ষীৰ চকীৰ গোৰাগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সমীপত নীলা ৰঙৰ হাফপেন্ট আৰু বগা ৰঙৰ টি-চাৰ্ট পৰিহিত মুখমণ্ডলত আঘাতৰ চিন থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি গৰুভাষা আৰক্ষী চকীত খবৰ দিয়াত গৰুভাষা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

Advertisment

আৰক্ষীয়ে মৃত যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ কৰা ড্ৰাইভিং লাইচেঞ্চৰ পৰা লাভ কৰা তথ্য অনুযায়ী যুৱক জনক পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ স্নাতক চুৰান্ত বৰ্ষৰ ছাত্ৰ তথা কোকৰাঝাৰ চহৰৰ টেঙাপানীৰ বাসিন্দা মহিম বসুমতাৰীৰ পুত্ৰ ক্ৰিশান বসুমতাৰী (২১) বুলি চিনাক্ত কৰে । আৰক্ষীৰ লোকে ছাত্ৰ জনৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে । প্ৰাপ্ত খবৰ অনুযায়ী আজি বিয়লিৰ ভাগৰ পৰা ছাত্ৰ জন পাঠশালাৰ আনন্দৰাম একাডেমীৰ ছাত্ৰৱাসৰ পৰা সন্ধানহীন হৈ আছিল ।

কিন্তু কি পৰিস্থিতিত ছাত্ৰ জন বজালী জিলাৰ পাঠশালাৰ পৰা চিৰাঙত আহি পালে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰহস্যজনক অৱস্থাত ছাত্ৰ জনৰ নিথৰ দেহ উদ্ধাৰ হোৱা এই সমগ্ৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে । অইন পিনে পৰিয়ালৰ লোকৰ সন্দেহ ক্ৰিশান বসুমতাৰীক কোনো এটা অপৰাধী চক্ৰই পৰিকল্পিত ভাৱে অপহৰণ কৰি হত্যা কৰিছে ।

dead body pathsala chirang