/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/corona-1.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত নতুনকৈ আক্ৰান্ত হ'ল মুঠ ১৪১ জন ব্যক্তি। সোমবাৰৰ দিনটোত মুঠ ৩৫,২৩৯ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোৰোনাত আক্ৰান্তৰ হাৰ ০.৪০ শতাংশ। এই সময়ছোৱাত ১৭০ জন ব্যক্তি কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে।
সোমবাৰে দিনত ভালখবৰ যে এজনো ব্যক্তি কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। বৰ্তমান ৰাজ্যত ১,০৯৩ গৰাকী কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ইফালে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭০ গৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে।
ইয়াৰোপৰি ডিব্ৰুগড়ত ৯জন, লখিমপুৰত ৮ জন, যোৰহাটত ৭ জন নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে।