কোৰোনাৰ সংক্ৰমণ বৃদ্ধি : লকডাউনৰ প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই….

কোৰোনাৰ সংক্ৰমণ বৃদ্ধি : লকডাউনৰ প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই….

author-image
asomiyapratidin
New Update
কোৰোনাৰ সংক্ৰমণ বৃদ্ধি : লকডাউনৰ প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই….

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত ভয়াবহ ৰূপতক বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। সমান্তৰালভাৱে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ৫৮,০৯৭ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৫৩৪ গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ত অৱশ্যে ১৫,৩৮৯ গৰাকী লোক কোভিডক জয় কৰিছে।

Advertisment

ইফা দেশত যোৱা ২৪ ঘণ্টাত অমিক্ৰন আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান দেশত ২,১৩৫ জন লোক অমিক্ৰনত আক্ৰান্ত হৈ আছে। এইদৰে দেশত কোৰোনাৰ লগতে নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু ৰাজ্যত বহু প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।

বহু কেইখন ৰাজ্যত নৈশ কাৰফিউ জাৰি কৰাৰ লগতে শিক্ষানুষ্ঠান আদি বন্ধ কৰা হৈছে। শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ৫ জনকৈ লোকৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি। ইয়াৰে আকো এজন অসমৰ। মেঘালয় ভ্ৰমণ কৰা অসমৰ ১৩ বছৰীয়া এটা কিশোৰৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি।

উদ্বেগৰ কথাটো হ'ল মেঘালয়ত অমিক্ৰনত আক্ৰান্তৰ তথ্য পোহৰলৈ অহা অসমৰ কিশোৰগৰাকী ৰাজ্যখনৰ পৰা অসমলৈ ঘূৰি আহিছে বুলি খবৰ পোৱা গৈছে। গতিকে এনে পৰিস্থিতিত স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে।

অসমতো যোৱা ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৪৭৫ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত ৰাজ্যত পুনৰ লকডাউন দিয়াৰ প্ৰসংগ চৰ্চালৈ আহিছিল। বহুতেই পুনৰ লকডাউনৰ সম্ভাৱনাৰ কথা কৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্ভাৱনাক নস্যাত কৰিছে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আগবঢ়োৱা মন্তব্য অনুসৰি, লকডাউন ঘোষণাৰ কোনো সম্ভাৱনা নাই। কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে দেশত অমিক্ৰন তীব্ৰ বেগেৰে সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কিছু নীতি, নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব। লকডাউন বা জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আগবাঢ়িব লাগিব।

আনহাতে অমিক্ৰণৰ প্ৰসংগত তেওঁ কয় যে, অমিক্ৰনৰ ভয়াবহতা কিছু বৃদ্ধি পাইছে। দৈনিকো কোৰোনাৰ ঘটনা বৃদ্ধি পোৱাৰ পৰা ক'ব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত। সেয়েহে এই সম্পৰ্কে গুৱাহাটীত এক বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগ কিদৰে আগবাঢ়িব সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব।