/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a9568833-3aef-4c22-a73b-eea124ad21e0/mayang1.jpg)
ডিজিটেল সংবাদ,মায়ংঃ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত অবিভক্ত বৰমপুৰ- মনহা মণ্ডল সমল কেন্দ্ৰৰ সদ্য প্ৰাক্তন সমন্বয়ক দীপক কুমাৰ মেধিক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বুধবাৰে মনহা কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত সম্বৰ্ধনা সভা এখন অনুষ্ঠিত হয়। মনহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি ঠগীত গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে আমকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিণ্টু কুমাৰ বৰঠাকুৰে।
সভাখনৰ আৰম্ভণিতে মনহা কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত গীত পৰিৱেশন কৰে। সভাখনত সদ্য প্ৰাক্তন সমন্বয়ক দীপক কুমাৰ মেধিক মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে গামোচা, শৰাই ,জাপি, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
আনহাতে সম্বৰ্দ্ধনা গ্ৰহণ কৰি দীপক কুমাৰ মেধিয়ে কয় যে 'আমি প্ৰত্যেকেই ভাল শিক্ষক। আমাৰ মাজত থকা সমলখিনি উপযুক্ত ব্যৱহাৰ কৰি আমি মহান শিক্ষকলৈ নিজকে ৰূপান্তৰ কৰিব লাগে।' তদুপৰি দীপক কুমাৰ মেধিয়ে ভাষণ প্ৰসংগত বৰমপুৰ- মনহা মণ্ডল সমল কেন্দ্ৰ দুটাৰ মাজত সমন্বয় স্থাপন কৰি কিদৰে সুচাৰুৰূপে বিভাগীয় প্ৰতিটো নিৰ্দেশনা পালন কৰিছিল সেই অভিজ্ঞতা সুঁৱৰি সমন্বয়ক ৰূপে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে মণ্ডল সমল কেন্দ্ৰ দুটাৰ শিক্ষক- শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মায়ং খণ্ডৰ সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ ডেকাই শিক্ষকেই শিক্ষকক সন্মান জনাব লাগে বুলি উল্লেখ কৰি বৰমপুৰ- মনহা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষকসকলৰ পদক্ষেপৰ শলাগ লয়। সভাত মায়ং শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দয়াকৃষ্ণ গগৈ, বৰমপুৰ- কোঁৱৰগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বিনন্দ গগৈ, জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেল, মনহা কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণেশ্বৰ বৈশ্য, দৈপড়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ পাটৰ, হাতীউঠা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অশ্বিনী বৰদলৈয়ে বক্তব্য আগবঢ়ায়।
আনহাতে বৰমপুৰ, মনহা, কোঁৱৰ গাঁও মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থকা সভাখনত গাৰ্গী শৰ্মা,মনিকা ডেকা,শেৱালী দাস, ৰিজু শৰ্মা, ৰতন সৰকাৰ প্ৰমুখ্যে কেইবাগৰাকীও শিক্ষক- শিক্ষয়িত্ৰীয়ে দীপক কুমাৰ মেধিৰ অৱদানৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে শিক্ষয়িত্ৰী অংশুমালা শইকীয়াই গীত এটি পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে, খলনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ মেধিয়ে ২০১২ চনৰ পৰা ২০২২ চনৰ অক্টোবৰলৈ বৰমুপৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আৰু মনহা মণ্ডল সমল কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল।
Also Read: মায়ঙৰ কৃষকৰ দীৰ্ঘদিনীয়া অভাৱ আতৰাই কৃষি জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন