চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা

চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত মঙলবাৰে এঙেৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ৰন্ধন কৰ্মী আৰু সহায়িকা সকলৰ মাজত প্ৰধানমন্ত্ৰী পোষণ শক্তি নিমাৰ্ণ আঁচনি অসমৰ সৌজন্যত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

এই প্ৰতিযোগিতাত ১২ খন বিদ্যালয় ৰন্ধন কৰ্মী তথা সহায়িকা সকলে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাখনিত প্ৰথম বিজয়ী দল হিচাপে শুকানপুখুৰী কুর্মী বস্তি প্ৰাথমিক বিদ্যালয় ৰান্ধনীৰ দল, দ্বিতীয় বিজয়ী দল হিচাপে এঙেৰা মজলীয়া বিদ্যালয় ৰান্ধনীৰ দল আৰু তৃতীয় বিজয়ী দল হিচাপে ৭৫৩ নং কলিয়ামাটি প্ৰাথমিক বিদ্যালয় আৰু চতুৰ্থ বিজয়ী দল হিচাপে শ্যামল জ্যোতি প্ৰাথমিক বিদ্যালয় ৰান্ধনীৰ দল নিৰ্বাচিত হয়।

বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকল ,অভিভাৱক সকল লগতে ৰাইজৰ উপস্থিতি বিজয়ীসকলক মান পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়।

Also Read: অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং