/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/651124ec-f3fd-43ed-ab1d-6eb10024551b/15.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলা সমগ্ৰ শিক্ষা অভিযানৰ সৌজন্যত সোমবাৰে বাসুগাঁও চহৰৰ ৮২১ নং ৰামকৃষ্ণ আশ্ৰম এল পি স্কুলত নেহেৰু হিন্দী সমলকেন্দ্ৰ ভিত্তিত মধ্যাহ্ন ভোজন ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই ৰন্ধন প্ৰতিযোগিতাত নেহেৰু হিন্দী সমলকেন্দ্ৰৰ অধীনস্থ ১৩খন বিদ্যালয়ৰ ভিতৰত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, নেতাজী সুভাষ বিদ্যানিকেতন, ৰজা অজিত নাৰায়ণ ছোৱালী এম ই স্কুল, ২৪৮ নং বাসুগাঁও টাউন জেবি স্কুল, পূৰ্ব ভুটিয়াপাৰা এম ই স্কুল, বিবেকানন্দ এম ই স্কুল, আদৰ্শ শিশু পাঠশালা এল পি স্কুল, ৰাধাগোবিন্দ জীউৰ এল পি স্কুল, নেহেৰু হিন্দী এম ই স্কুল, ৬৬৯ নং থুৰিবাৰী এল পি স্কুল, ভুটিয়াপাৰা এম ই স্কুল আৰু ৮২১ নং ৰামকৃষ্ণ আশ্ৰম এল পি স্কুল সহ মুঠ ১২ খন বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সকলে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3b8349fa-8215-4acb-a4be-e473c9524b13/ea558b0f_7fea_4086_bfdb_b72fb5160c37.jpg)
উক্ত প্ৰতিযোগিতাত ৰান্ধনীসকলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ নিয়মিত খাদ্য তালিকাৰ উপৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰা পেভিলিয়নত প্ৰদৰ্শনীৰ ব্যবস্থা কৰে। ৰন্ধন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে চিকিৎসক ডাঃ গন্ধেশ্বৰ হাজং, অভিযন্তা ঋতুপৰ্ণ খৰ্কা আৰু সাংবাদিক জয়ন্ত দেৱনাথ । এক উৎসৱমুখৰ পৰিৱেশৰ মাজত বিচাৰকসকলে ৰন্ধন প্ৰতিযোগিতাত কণ কণ শিশু তথা ছাত্ৰ ছাত্ৰী সকলৰ বাবে প্ৰযোজ্য হোৱা ধৰণে পৰিৱেশন কৰা বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লৈ কিছু নিৰ্ধাৰিত নীতি নিয়মৰ মাজত তিনিখন বিদ্যালয়ৰ ৰান্ধনীক চুৰান্ত বাচনি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e6e66db9-80a8-4a17-b41a-17a8b555b1e5/afc6b181_c2fc_4555_9b52_a0023ce4529a.jpg)
প্ৰথম পুৰস্কাৰ লাভ কৰে ৮২১ নং ৰামকৃষ্ণ আশ্ৰম এল পি স্কুলে, দ্বিতীয় পুৰস্কাৰ লাভ পূৰ্ব ভুটিয়াপাৰা এম ই স্কুল আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৬৬৯ নং থুৰিবাৰী এল পি স্কুলে । প্ৰতিযোগিতাৰ অন্তত ৰামকৃষ্ণ আশ্ৰম এল পি স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি অখিল প্ৰধানৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। পুৰস্কাৰ বিতৰণ কৰাৰ আগত সভাত বিশিষ্ট চিকিৎসক ডাঃ গন্ধেশ্বৰ হাজঙে নিজৰ ভাষনত শিশুৰ উপযোগী পুষ্টিকৰ খাদ্য ৰন্ধনৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, পুষ্টিকৰ খাদ্য তালিকা আৰু ইয়াৰ গুণাগুণ সন্দৰ্ভত বিস্তৃতভাৱে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/609445fe-49fe-4ecf-a57b-9be87d8ff087/16cf6f23_ff88_46ae_837d_2583b1d7fb9e.jpg)
সাংবাদিক জয়ন্ত দেৱনাথে ভাষণত শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য তালিকাত বজাৰৰ পৰা মাত্ৰাধিক ৰাসায়নিক সাৰ তথা কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি পৰিহাৰ কৰি বিদ্যালয় চৌহদতে জৈৱিক সাৰ ব্যৱহাৰ কৰি সৰুকৈ হ'লেও খেতি কৰি সেই শাক-পাচলিৰে সপ্তাহত এদিন হ'লেও খোৱাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ আগবঢ়ায় । বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী মণিষা হাজৰিকাই সঞ্চালনা কৰা ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী বিদ্যালয়ৰ প্ৰধানশিক্ষক, সহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমলকেন্দ্ৰৰ সমন্বয়কসকল উপস্থিত থাকে ।
Also Read: নগাঁও জিলাৰ ৰাইডঙীয়াত ৰঙালীক আদৰাৰ প্ৰস্তুতি