জামুগুৰিহাটত মাঘ বিহুৰ উপহাৰ কুপনৰ খেলক লৈ উত্তপ্ত পৰিস্থিতি

ঘটনাস্থলীত উপস্থিত জামুগুৰি আৰক্ষী
জামুগুৰিহাটত মাঘ বিহুৰ উপহাৰ কুপনৰ খেলক লৈ উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ মাঘবিহুৰ উৰুকাৰ দিনা আজি উপহাৰ কুপনৰ খেলক লৈ জামুগুৰিহাটৰ হাটিঙাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ৰাইজৰ উপস্থিতিৰ অজ্ঞাতে আয়োজক কমিটিয়ে নিৰ্দ্ধাৰিত সময়তকৈ বহু ঘন্টা পূৰ্বেই এইখেল অনুষ্ঠিত কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

কেইবাখনো বিলাসী গাড়ীৰ লগতে মটৰ চাইকেল উপহাৰ হিচাপে থকা এই উপহাৰ কুপনৰ খেলখন আজি দিনৰ ১০ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আয়োজক সমিতিয়ে নিৰ্দ্ধাৰিত সময়তকৈ বহু পূৰ্বেই পুৱা ৬ বজাতে অনুষ্ঠিত কৰে খেল ।

অভিযোগ অনুসৰি উপহাৰ কুপনৰ টিকট লোৱা গৰাকী তথা ৰাইজৰ উপস্থিতিৰ পৰিবৰ্তে আয়োজক কমিটিয়ে ৰাইজৰ অনুপস্থিতিত নিজেই এইখেল অনুষ্ঠিত কৰে ।ইয়াৰোপৰি দহটাকৈ পুৰস্কাৰ থকা এই উপহাৰ কুপনৰ খেলখনত এই পৰ্য্যন্ত উপহাৰ লাভ কৰা কোনো গৰাকী ওলোৱা নাই ।খেলখনক লৈ টিকট ক্ৰয় কৰা গৰাকীৰ মাজত সন্দেহৰ সৃষ্টি হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।বৰ্তমান ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰছেষ্টা চলাই তদন্ত অব্যাহত ৰাখিছে ।

জামুগুৰিহাটত মাঘ বিহুৰ উপহাৰ কুপনৰ খেলক লৈ উত্তপ্ত পৰিস্থিতি
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ "আলিটাঙনী যুৱ মহোৎসৱ-২০২৪"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in