বকোত শিৱ মন্দিৰৰ মাটি বেদখলক কেন্দ্ৰ কৰি পুনৰ বিতৰ্ক…

বকোত শিৱ মন্দিৰৰ মাটি বেদখলক কেন্দ্ৰ কৰি পুনৰ বিতৰ্ক…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত শিৱ মন্দিৰৰ ৰাজহুৱা ভূমি বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি আজিও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণ মতে কিছুদিন আগতে ৪৮ নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ সোণালীটাৰী গঞা ৰাইজে শিৱমন্দিৰ থকা ৰাজহু ভূমি বেদখল কৰা বুলি শিৱমন্দিৰৰ কাষৰে প্ৰফুল্ল বড়োলৈ আঙুলি টোঁৱাই এই ক্ষেত্ৰত বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী ভূমিক তীব্ৰ সমালোচনা কৰি সংবাদ মাধ্যমক জনাইছিল।

Advertisment

অভিযোগ মতে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সোণালীটাৰী গঞা ৰাইজৰ ৪২ নং দাগ আৰু পট্টা নং ২২১ৰ ৪ বিঘা ৮ লেচা মাটিৰ ৪ কোঠাৰো অধিক মাটি বেদখল কৰিছে প্ৰফুল্ল বড়ো নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে।  প্ৰফুল্ল বড়োৱে বেদখল কৰা মাটিখিনি বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰীয়ে সোণালীটাৰী ৰাইজক মোকলাই দিয়াৰ ব্যৱস্থা নকৰিলে ইতিমধ্যে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডলে ৰাইজৰ পৰা লোৱা উৎকোচৰ ভিডিঅ' পৰ্যন্ত দুৰ্নীতি নিবাৰক শাখালৈ ৰাইজে প্ৰেৰণ কৰাৰ হুংকাৰ দিছিল। 

দেওবাৰে পুনৰ প্ৰফুল্ল বড়োৰ পুত্ৰ হৰিশ বড়ো আৰু বোৱাৰীয়েক বিভাৰাণী বসুমতাৰীয়ে তেওঁলোকৰ পৰিয়ালে কোনো কাৰণতে শিৱমন্দিৰৰ ৰাজহুৱা ভূমি বেদখল কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । প্ৰফুল্ল বড়োৰ পুত্ৰ হৰিশ বড়ো আৰু বোৱাৰীয়েকে বিভাৰাণী বসুমতাৰীয়ে তেওঁলোকৰ ঘৰত এখন সংবাদমেল সম্বোধন কৰি যুগ যুগ ধৰি তেওঁলোকে বকোৰ ১নং মাকেলীগাঁৱত বসবাস কৰি আহিছে আৰু ঘৰৰ কাষত থকা সোণালীটাৰী গঞা ৰাইজৰ শিৱমন্দিৰৰ ভূমিৰ সীমা সঠিক ঠাইতে আছে বুলি জনায় ।

সমাজখনৰ একাংশ ব্যক্তিৰ প্ৰৰোচনাত সোণালীটাৰী গঞা ৰাইজে তেওঁলোকক ২০১৭ ইং বৰ্ষৰ পৰা মাটি-বাৰীৰ বিষয়টোকলৈ মানসিক অশান্তি দি আহিছে আৰু এনে মানসিক অশান্তিৰ বাবে পিতৃ প্ৰফুল্ল বড়োৱে ৰোগগ্ৰস্তহৈ পৰিছে বুলি দুখ প্ৰকাশ কৰে প্ৰফুল্ল বড়োৰ পুত্ৰ হৰিশ বড়োৱে ।

হৰিশ বড়োৱে তেওঁলোকৰ পৰিয়ালটোৱে সোণালীটাৰী গঞা ৰাইজৰ শিৱমন্দিৰৰ মাটি বেদখল কৰা বুলি প্ৰমাণ দিবলৈ সোণালীটাৰী গঞা ৰাইজক প্ৰত্যাহ্বান জনায় । লগতে তেওঁলোকৰ পৰিয়ালে শিৱমন্দিৰৰ মাটি বেদখল কৰা বুলি প্ৰমাণ দিব পৰিলে লগে লগে পৰিয়ালটোৱে বসবাস কৰি থকা তেওঁলোকৰ পৰিয়ালৰ  ৮ বিঘাৰো অধিক মাটি সোণালীটাৰী গঞা ৰাইজক দিব বুলিও সংবাদ মাধ্যম যোগে হৰিশ বড়োৱে প্ৰত্যাহ্বান জনায় ।

আৰু পঢ়ক: বোকাজানত ৰেলৰ খুন্দাত বন্যহস্তী মৃত্যু

assam BOKO