তাচপাতৰ দৰে খহি পৰিছে গেৰুকামুখৰ ঠুনুকা পাহাৰঃ ধাৰাবাহিক ভূমিস্খলনে মাতিছে ভয়ানক বিপদ...

তাচপাতৰ দৰে খহি পৰিছে গেৰুকামুখৰ ঠুনুকা পাহাৰঃ ধাৰাবাহিক ভূমিস্খলনে মাতিছে ভয়ানক বিপদ...

ডিজিটেল ডেস্ক : নামনি সোৱণশিৰি প্ৰকল্পত অব্যাহত আছে ভূমিস্খলন । প্ৰকল্পটিৰ আৰম্ভণিৰে পৰাই বিশেষজ্ঞসকলৰ সকিয়নী, দল-সংগঠনৰ প্ৰতিবাদ আওকাণ কৰি এন এইছ পি চিয়ে ৮০ শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা জলবিদ্যুৎ প্ৰকল্পটোত এটাৰ পিছত আন এটা অঘটন ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে।

বিশেষকৈ অতিপাত বৰষুণৰ বাবে ঠুনুকা পাহাৰৰ মাটি, শিল খহি প্ৰকল্পটোলৈ কঢ়িয়াই আনিছে ভয়াবহ বিপদ। ভূমিস্খলনৰ ফলত ইতিমধ্যে দুটাকৈ ডাইভাৰ্চন টানেল বন্ধ হৈ যোৱাৰ লগতে মূল বান্ধৰ ওপৰত সংঘটিত হোৱা ভূমিস্খলনে সোঁৱণশিৰিৰ বুকুত শেহতীয়াকৈ সৃষ্টি কৰিছিল প্ৰচণ্ড ঢৌৰ।

মাত্ৰ দুদিন পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ পিছত আজি পুনৰ ভূমিস্খলনৰ এক ঘটনা সংঘটিত হৈছে নদীবান্ধ প্ৰকল্পত। বিগত এটা সপ্তাহে অৰুণাচলত অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠুনুকা পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে। যি দৃশ্যই আপোনাৰ বুকু কপাই তুলিব।

বৃহৎ নদীবান্ধ প্ৰকল্পত সঘনে সংঘটিত হোৱা এনে ঘটনাই নদীবান্ধটোৰ ভৱিষ্যতৰ দিশটোক লৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইছ পি চিকো এতিয়া চিন্তিত কৰি তুলিছে। বিশেষজ্ঞৰ পৰামৰ্শ আওকান কৰি নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধৰ কিমান ভয়াবহ হ'ব সেই কথা ইতিমধ্যে এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে।

ইফালে সঘনে সংঘটিত হোৱা এই ঘটনা প্ৰবাহে উত্তৰ অসমৰ নৈপৰীয়া ৰাইজৰ জীৱন, জীৱিকাৰ সুৰক্ষিত ভৱিষ্যতৰ দিশটোক লৈ পুনৰ চিন্তিত কৰি তুলিছে। এতিয়া স্বাভাৱিকতে পুনৰ উত্থাপন হৈছে সেই একেটাই প্ৰশ্ন- প্ৰকল্পটোৰ নিৰ্মাণ কালত কিয় আওকাণ কৰা হ'ল বিশেষজ্ঞসকলৰ সকিয়নী ?

ইফালে চৰকাৰে ২০২৩ চনৰ পৰা প্ৰকল্পটোৰ পৰা ৫০০ মেগাৱাট শক্তি উৎপাদন কৰিব বুলি ঘোষণা কৰিছিল। চৰকাৰৰ এনে ঘোষণাৰ পৰিৱৰ্তে প্ৰকল্পটোত অব্যাহত থকা প্ৰকৃতিৰ তাণ্ডৱলীলাই সেই ঘোষণা যে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব সেই কথাৰ প্ৰমাণ প্ৰকৃতিয়েই দাঙি ধৰিছে।

উল্লেখ্য যেপ্ৰকল্পটোৰ মুঠ ৫ টা ডাইভাৰ্চন টানেলৰ ইতিমধ্যেই ২টা টানেল ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে। আন ৩ টা টানেলে বহন কৰিব পৰা নাই বৰ্তমানৰ সোৱণশিৰি নৈৰ পানীৰ পৰিমাণ । ইফালে যোৱা এটা সপ্তাহে আহি থকা ধাৰাসাৰ বৃষ্টিপাতে বৃদ্ধি কৰিছে সোঁৱণশিৰিৰ জলপৃষ্ঠ। তেনেস্থলত, প্ৰকল্পটোৰ ধ্বংস হোৱা স্থানৰ মেৰামতি বৰ্তমান সম্ভৱ নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in