ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাংৰীৰচৰত বৃহস্পতিবাৰে ৪৪ লাখটকীয়া এখন জি প্লাচ ওৱান উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী এ বি এইচ আই এম আঁচনিৰ অধীনত আৱণ্টিত বাংৰীৰচৰ জি-প্লাচ ওৱান উপস্বাস্থ্য কেন্দ্ৰখন আজি মানকাচৰৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰাৰ লগতে কামৰ শুভ আৰম্ভ কৰে।
২০২২-২৩ বিত্তীয় বৰ্ষত আৱণ্টন হোৱা এই কামটো অহা ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনে বিভাগীয় ঠিকাদাৰক নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্যত স্বাস্থ্যখণ্ডত আমূল পৰিবৰ্তন আনিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ ভিতৰুৱা গাঁও অঞ্চলত জি-প্লাচ ওৱান উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লৈছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিত মুঠ ১৯ টা জিপ্লাচ-১ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম পূৰ্বৰে পৰা চলি আছে। জিলাখনত নিৰ্মাণ হ’বলগীয়া ২০ টা জিপ্লাচ-১ উপস্বাস্থ্য কেন্দ্ৰ কেইখনৰ অধিকাংশ কেন্দ্ৰ অহা দুই-তিনি মাহৰ ভিতৰত মুকলি কৰিবলৈ জিলা স্বাস্থ্য বিভাগে তৎপৰতা আৰম্ভ কৰিছে।
জি-প্লাচ-১ উপস্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে গাঁও অঞ্চলৰ লোকসকলে সচৰাচৰভাৱে হৈ থকা বেমাৰৰ উপযুক্ত চিকিৎসা লাভ কৰাৰ উপৰিও গৰ্ভৱতী মহিলা আৰু প্ৰসৱৰ বাবে প্ৰসূতিসকলে সুবিধা লাভ কৰিব বুলি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাজ চৌধুৰীয়ে জানিবলৈ দিছে। লক্ষণীয় যে, ৰাজ্যৰ প্ৰতিখন জিলাৰ কেবাখনো গাঁৱক লৈ স্বাস্থ্য বিভাগে এখনকৈ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰি দিছে।
য’ত প্ৰতিসপ্তাহত দুদিন কেৱল গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল। সৰু-সুৰা বেমাৰৰ বাবে গাঁওবাসীয়ে দূৰদূৰণীত থকা জিলা চিকিৎসালয় বা ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা ল’বলগীয়া হৈছিল। কিন্তু জি প্লাচ-১ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ হোৱাৰ পাচত বহু ৰোগী নিজৰ গাঁৱতে সৰু-সুৰা সচৰাচৰ বেমাৰৰ ক্ষেত্ৰত চিকিৎসাৰ সুবিধা ল’ব পাৰিব।
দুমহলীয়াকৈ নিৰ্মাণ কৰা এই জি প্লাচ-১ উপস্বাস্থ্য কেন্দ্ৰখনৰ তলৰ মহলাত ৰোগীৰ স্বাস্থ্য সেৱাৰ বাবে ৬খন বিচনা থাকিব। একেদৰে ওপৰ মহলাত চিকিৎসক, চিকিৎসাকৰ্মীসকল থকাৰ সুবিধা প্ৰদান কৰা হ’ব।